স্পৰ্টছ ডেস্ক, 9 জানুৱাৰীঃ ছত্তিশগড় আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিবলগীয়া ৰঞ্জী ট্ৰফী খেলৰ বাবে অসম ক্ৰিকেট দল ঘোষণা কৰা হয় বৃহস্পতিবাৰে ৷ অসমৰ জ্যেষ্ঠ দলটোক নেতৃত্ব দিব অল ৰাউণ্ডাৰ গকুল শৰ্মাই ৷ আনহাত উপ-অধিনায়ক হিচাপে আছে চিমাৰ অৰূপ দাস ৷ দলত স্থান লাভ কৰিছে কুনাল শইকীয়া আৰু ৱাছিকুৰ ৰহমানৰ দৰে উইকেট কীপাৰে ৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ বিৰুদ্ধে এখন খেলত শতক অৰ্জন কৰা বেটছমেন ৰিয়ান পৰাগেও দলত স্থান লাভ কৰিছে ৷ আইপিএলৰ পূৰ্বেই খেলুৱৈগৰাকীয়ে নিজৰ ফৰ্ম ঘুৰাই আনিবলৈ ইয়াৰ দ্বাৰাই সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে ৷ চলিত বৰ্ষত ৰাজস্থান ৰয়েলছৰ হৈ আইপিএল খেলিব ৰিয়ান পৰাগে ৷
অসমে ছত্তিশগড়ৰ বিৰুদ্ধে 11 জানুৱাৰীৰ পৰা 14 জানুৱাৰীলৈ খেলিব আৰু 19 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব ৷ দুয়োটা দলৰ বিৰুদ্ধেই অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত অৱতীৰ্ণ হ'ব অসমে ৷