ETV Bharat / sports

"বাপ বাপ হতা হ্যে" বীৰেন্দ্ৰ ছেহৱাগ মিছলীয়া : আখতাৰ

author img

By

Published : May 11, 2020, 10:52 AM IST

সকলো অনুষ্ঠান-প্ৰতিষ্ঠানতেই প্ৰায়ে শুনিবলৈ পোৱা এক ঘটনা । যেতিয়াই ছোৱেইব আখতাৰ, শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগৰ প্ৰসংগ উত্থাপন হয় তেতিয়াই ছেহৱাগৰ মুখত শুনা পোৱা যায় আখতাৰক প্ৰত্যুত্তৰ দিয়া বাপ বাপ হতা হ্যে বাক্য ফাকি । কিন্তু এই প্ৰসংগত শেহতীয়াকৈ মুখ খুলিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ।

Akhtar claims Virender Sehwag lied about 'Baap Baap Hota Hai' remark

স্পৰ্টছ ডেস্ক, ১১ মে': বহু ক্ৰীড়া প্ৰেমীৰ মাজত জনপ্ৰিয় ছোৱেইব আখতাৰক বীৰেন্দ্ৰ ছেহৱাগে কোৱা "বাপ বাপ হতা হ্যে" কোৱা কথাষাৰ । প্ৰায়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত ছোৱেইব আখতাৰ, শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ ছেহৱাগৰ প্ৰসংগ উত্থাপন হ'লে ছেহৱাগৰ মুখত এই ঘটনাৰ বিৱৰণ দিয়া দেখা পোৱা যায় । পুনৰ এই প্ৰসংগই ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । অৱশ্য়ে এইবাৰ ছেহৱাগে নহয় স্বয়ং আখতাৰে এই প্ৰসংগত মুখ খুলিছে । দেওবাৰে ছ'চিয়েল মিডিয়াত পাকিস্তানৰ খেলুৱৈগৰাকীয়ে এনে ঘটনা কেতিয়াও হোৱা নাই বুলি উল্লেখ কৰিছে । আনকি এই ক্ষেত্ৰত ছেহৱাগে মিছা মাতিছে বুলিও কয় পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ।

উল্লেখ্য় যে, দীৰ্ঘদিন পূৰ্বে আয়োজিত এখন ক্ৰীড়া বঁটা বিতৰণী অনুষ্ঠানতো ছেহৱাগে শ্বাহৰুখ খান, সুনীল গাভাস্কাৰৰ সন্মুখত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচত সংঘটিত হোৱা এই ঘটনাৰ কথা উল্লেখ কৰিছিল । ছেহৱাগে কৈছিল মেচখনত মোৰ আৰু শচীনৰ মাজত প্ৰায় ২০০ ৰানৰ সহযোগিতা হৈ গৈছিল । যাৰ বাবে পাকিস্তানৰ দ্ৰুতবেগী বলাৰ ছোৱেইব আখতাৰে মেণ্টেল গেম খেলিবলৈ আৰম্ভ কৰিছিল । আখতাৰে নিজৰ বল কৰাৰ দিশ সলনি কৰি বাউঞ্চাৰৰ ওপৰত বাউঞ্চাৰ বল কৰিবলৈ লৈছিল আৰু মোক কৈছিল আব হুক মাৰ কে দিখা না । যেতিয়া আখতাৰ এনে কৰাৰ পৰা শান্ত হোৱা নাছিল তেতিয়া ছেহৱাগে আখতাৰক কৈছিল "ৱহ তেৰা বাপ খাড়া হে নন-ষ্ট্ৰাইকাৰ এণ্ড পে", উছকো বল, ৱহ মাৰ কৰে দিখায়েগা ।

ইয়াৰ পাচতেই পৰৱৰ্তী অভাৰত শচীনে আখতাৰৰ এটা বাউঞ্চাৰ বল খেল পথাৰৰ বাহিৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাচতেই আখতাৰক ইতিকিং কৰি বেটা বেটা হতা হে, বাপ বাপ হতা হে বুলি উল্লেখ কৰিছিল বুলি ছেহৱাগে কৈছিল ।

কিন্তু এনেধৰণ ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি আখাতাৰে সঘনাই কৈ আহিছিল যদিও পুনৰ বাৰ এই কথা খণ্ডন কৰি ছেহৱাগে মিছা মাতিছে উল্লেখ কৰি ভাৰতে নিজেই এই ঘটনা সৃষ্টি কৰিছে বুলি কয় পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.