নিউজ ডেস্ক, 11 জুন : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ এদিন পাছতেই টুইটাৰৰ জৰিয়তে মনৰ কথা খুলি ক'লে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন তাৰকা যুৱৰাজ সিঙে ৷ টুইটাৰৰ জৰিয়তে যুৱৰাজে কয় যে, পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখটাৰে বলিং কৰিলে ভীতিগ্ৰস্ত হৈ পৰে তেওঁ ৷ উল্লেখ্য যে, যুৱৰাজে অৱসৰ ঘোষণা কৰাৰ পাছতেই আখটাৰে এক ভিডিঅ'ৰ জৰিয়তে একালৰ প্ৰতিদ্বন্দী গৰাকীক বিদায় সম্বোধন জনায় ৷
উল্লেখ্যে যে, সোমবাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণাৰ পাছতে যুৱৰাজক বিদায় জনাই বিশ্ব ক্ৰিকেটৰ নামী - দামী ক্ৰিকেটাৰ সকলে ৷