ETV Bharat / sports

আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰাছিদ খানৰ মাতৃৰ পৰলোকপ্ৰাপ্তি

author img

By

Published : Jun 19, 2020, 4:05 PM IST

ৰাছিদ খানৰ অনুৰাগীৰ বাবে দুঃখবৰ । দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে খেলুৱৈগৰাকীৰ মাতৃয়ে ।

Afghanistan star Rashid Khan's mother passed away

স্পৰ্টছ ডেস্ক, 19 জুনঃ আফগানিস্তান তাৰকা ক্ৰিকেটাৰ ৰাছিদ খানৰ মাতৃৰ পৰলোকপ্ৰাপ্তি । দীৰ্ঘদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল খেলুৱৈগৰাকীৰ মাতৃ । অৱশেষত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে খেলুৱৈগৰাকীৰ মৃত্য়ুয়ে ।

  • إِنَّا لِلَّهِ وَإِنَّا إِلَيْهِ رَاجِعُوْنَ
    You were my home my mother I had no home but you . i can’t believe you are no more with me you will missed forever . Rest In Peace #MOTHER 😢😢

    — Rashid Khan (@rashidkhan_19) June 18, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ কিছু দিন পূৰ্বে টুইট যোগে মাতৃৰ স্বাস্থ্য়ৰ আৰোগ্য কামনা কৰিছিল খেলুৱৈগৰাকীয়ে । ৰাছিদ খানৰ মাতৃৰ বিয়োগৰ খবৰ সদৰি কৰিছিল আফগানিস্তানৰ সংবাদকৰ্মী জাফৰ হন্দে । ৰাছিদ খানৰ প্ৰতি শোক ব্যক্তি কৰি জাফৰে হন্দে টুইট কৰি কৈছিল, মই দুঃখিত যে তাৰকা ক্ৰিকেটাৰ ৰাছিদ খানৰ মাতৃৰ মৃত্য়ু হৈছে । এই ঘটনাক লৈ আমি মৰ্মাহিত হৈছো । আমাৰ প্ৰাৰ্থনা আপোনাৰ লগত আছে । অল্লাহই তেওঁৰ আত্মাক শান্তি দিয়ক । আল্লাহই আপোনক এই কঠিন সময়ত সাহস প্ৰদান কৰক ।

আনহাতে পৰৱৰ্তী সময়ত ৰাছিদ খানেও নিজৰ মাতৃৰ বিয়োগৰ কথা টুইটাৰ যোগে প'ষ্ট কৰি সদৰি কৰে । ৰাছিদে কয়, তুমি মোৰ ঘৰ আছিলা মা, মোৰ তাত কোনো ঘৰ নাছিল কিন্তু তুমি আছিলা । মই বিশ্বাস কৰিব পৰা নাই তুমি মোৰ লগত এতিয়া নাই, তোমালৈ সদায় মনত পৰিব । ৰেষ্ট ইন পিচ ।

উল্লেখ্য যে, দুবছৰ পূৰ্বে ৰাছিদ খানৰ পিতৃৰ মৃত্যু হৈছিল । 2018 চনৰ ডিচেম্বৰ মাহত মৃত্য়ু হৈছিল পিতৃৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.