নতুন দিল্লী, 29 অক্টোবৰ: ভাৰতীয় ক্ৰিকেট দলক প্ৰথম বিশ্বকাপ লাভ কৰোৱা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ বিগত সপ্তাহত সফল ভাৱে কোৰোনৰী এঞ্জিয়োপ্লাষ্টী কৰা হৈছিল ৷ তাৰ পাছতে বৃহস্পতিবাৰে কপিল দেৱে এক ভিডিঅ‘ প্ৰেৰণ কৰি স্বাস্থ্যৰ অৱস্থা কিছু উন্নত হোৱা বুলি জনায় ৷ উক্ত ভিডিঅ'ত কপিল দেৱে 1983 ত বিশ্বকাপ বিজয়ী হোৱা দলটোৰ সকলো সদস্যকে নিজৰ পৰিয়াল আখ্যা দিয়ে তথা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰাৰ ইচ্ছা ব্যক্ত কৰে ৷ কপিল দেৱে 1983 বিজয়ী হোৱা দলটোৰ সদস্যৰে গঠিত এটা ৱাটচ্এপ গ্ৰুপত এই ভিডিঅ' প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, বিগত সপ্তাহত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত কপিল দেৱক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ যাৰ পাছতে ফোৰ্টিচ এস্কাটৰ্চ হাস্পতালত কাৰ্ডিঅল'জি বিভাগৰ নিৰ্দেশক ডাঃ অতুল মাথুৰৰ তত্বাৱধানত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ তৎকালীন ভাৱে কোৰোনৰী এঞ্জিয়োপ্লাষ্টী কৰা হৈছিল ৷
লগতে পঢ়ক: MX প্লেয়াৰত উপলব্ধ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ চিনেমা