ETV Bharat / sports

তৃতীয় টি-20 ত জয়েৰে ইংলেণ্ডৰ 2-1 ত অগ্ৰগতি - জছ বাটলাৰ

তৃতীয় টি-20 ত ইংলেণ্ডৰ হাতত পৰাস্ত ভাৰতীয় দল ৷ ছিৰিজত 2-1 ত অগ্ৰগতি লাভ ইংলেণ্ডৰ ৷

তৃতীয় টি-20 ত জয়েৰে ইংলেণ্ডৰ 2-1 ত অগ্ৰগতি

author img

By

Published : Mar 16, 2021, 10:54 PM IST

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ : ভাৰত বনাম ইংলেণ্ড টি-20 ছিৰিজৰ তৃতীয় মেচত 8 উইকেটত পৰাস্ত হ'ল ভাৰতীয় দল ৷ ইয়াৰ ফলত ইংলেণ্ড দলে পাঁচখনীয়া ছিৰিজত 2-1 ত অগ্ৰগতি লাভ কৰিছে ৷

ইংলেণ্ডৰ হৈ জছ বাটলাৰে 83 (52) ৰাণৰ ইনিংছ গঢ়ে ৷ আনহাতে, জনী বেয়াৰষ্টয়ে গঢ়ে 40 ৰাণৰ ইনিংছ ৷ জয়ৰ বাবে প্ৰয়োজনীয় 157 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে কেৱল দুটা উইকেট হেৰুৱাই গঢ়ে 158 ৰাণ ৷ ভাৰতৰ হৈ য়ুজবেন্দ্ৰ চাহাল আৰু ৱাশ্বিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে ৷

প্ৰথমে বেটিং কৰি ভাৰতে অধিনায়ক বিৰাট কোহলীৰ অৰ্ধশতকেৰে ইংলেণ্ডৰ সন্মুখত 157 ৰাণৰ সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ ভাৰতৰ দুই অ'পেনাৰ ৰোহিত শৰ্মা(15) আৰু কে. এল. ৰাহুলে(0) আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ অসমৰ্থ হয় ৷ আনহাতে, অভিষেককাৰী মেচতে অৰ্ধশতক অৰ্জন কৰা নৱাগত ইশান কিষানেও কেৱল 4 ৰাণ সংগ্ৰহ কৰে ৷ ইংলেণ্ডৰ হৈ মাৰ্ক উদে 3 টা আৰু ক্ৰিছ জৰ্ডানে 2 টা উইকেট দখল কৰে ৷

লগতে পঢ়ক : ভাৰত বনাম ইংলেণ্ড : কোহলীৰ অৰ্ধশতকৰে ভাৰতৰ সংগ্ৰহ 156/6

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.