নিউজডেস্ক, 6 জুনঃ 2019 আই চি চি বিশ্বকাপৰ লীগ প্ৰৰ্যাৰৰ বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত খেলখনত ৱেষ্ট ইণ্ডিজৰ সন্মূখত 289 ৰানৰ লক্ষ নিৰ্ধাৰণ কৰি দিয়ে অষ্ট্ৰেলিয়াই ৷ দলটোৱে 49 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 288 ৰান ৷ দলটোৰ হৈ সৰ্বাধিক ৰান কৰে নাথান কাউল্টাৰ নাইলে ৷ 92 ৰানৰ বিস্ফোৰক ইনিংছ খেলি আউট হয় নাইল ৷ নাইলৰ ওপৰিও অৰ্ধশতক অৰ্জন কৰে ষ্টিভিনে স্মিথে ৷
ৱেষ্ট ইণ্ডিজ টচত জয়ী হৈ অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ জনাই ৷ দলটোৱে বেটিংৰ আৰম্ভনিতে দলীয় স্কৰ 26 ৰানত দুয়োগৰাকী প্ৰাৰম্ভিক বেটচ্মেনৰ উইকেট হেৰুওৱাৰ লগতে 79 ৰানত 5 টা উইকেট হৰুৱাই বিপদত পৰে ৷ কিন্তু এলেক্স কেৰিৰ সৈতে ষ্টিভিনে স্মিথে ক্ৰিজত খোপনি লৈ সাবধানৰে খেলি দলীয় স্কৰক আগুৱাই নিয়ে৷ দলীয় স্কৰ 147 হওঁতে এলেক্স কেৰি 45 ৰানত আউট হয় ৷ শেষৰ পিনে কাউল্টাৰ নাইলে বিস্ফোৰক বেটিঙেৰে 60 বলত 92 ৰান কৰি আউট হয় ৷ আনহাতে স্মিথে 103 টা বলত 73 ( 7 টা চাৰি) ৰান কৰে ৷
ৱেষ্ট ইণ্ডিজৰ হৈ বলিঙত থমাচ ,কট্ৰেল আৰু ৰাছেলে 2 টাকৈ উইকেট লাভ কৰাৰ বিপৰীতে তিনিটা উইকেট লাভ কৰে ব্ৰেথৱেথে ৷