ETV Bharat / sports

লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে - Bumrah hits Broad for runs

টেষ্ট ক্ৰিকেটত ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহে ভংগ কৰিলে কিম্বদন্তি ক্ৰিকেট তাৰকা ব্ৰায়ান লাৰাৰ অভিলেখক । বুমৰাহে ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্চ ব্ৰডৰ এটা অভাৰত (Bumrah hits Broad for runs) ২৯ ৰাণ সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়ে(Jasprit Bumrah world record) ।

Jasprit Bumrah world record
লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে
author img

By

Published : Jul 3, 2022, 2:18 PM IST

স্পৰ্টছ ডেস্ক, ৩জুলাই: টেষ্ট ক্ৰিকেটত এটা অভাৰত সৰ্বাধিক ৰাণ কৰি বিশ্ব অভিলেখৰ গৰাকী হ'ল ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহ(Bumrah hits Broad for runs) । অধিনায়কগৰাকীয়ে ষ্টুৱাৰ্চ ব্ৰডৰ এটা অভাৰত ২৯ ৰাণ সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেটত বিশ্ব অভিলেখ গঢ়ে(Jasprit Bumrah world record) । লগতে ভংগ কৰে কিম্বদন্তি ক্ৰিকেট তাৰকা ব্ৰায়ান লাৰাৰ অভিলেখক ।

উল্লেখ্য যে ১৮ বছৰে এই অভিলেখ কঢ়িয়াই ফুৰা লাৰাই এই বিশ্ব ৰেকৰ্ড গঢ়িছিল ২০০৩-০৪ চনত এখন টেষ্ট মেচত । দক্ষিণ আফ্ৰিকাৰ বাওঁহতীয়া স্পিনাৰ ৰবিন পিটাৰচনৰ এটা অভাৰত লাৰাই গঢ়িছিল ২৮ ৰাণ । য'ত ছয়টা বলত চাৰিটা চাৰি আৰু দুটা ছয় সংগ্ৰহ কৰিছিল লাৰাই । আনহাতে কে মহাৰাজাইয়ো এটা অভাৰত ২৮ ৰাণ কৰি গঢ়িছিল অভিলেখ ।

আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ জৰ্জ বেইলীয়েও এটা অভাৰত ২৮ ৰাণ কৰিছিল । কিন্তু, বাউণ্ডেৰী গণনাৰ ক্ষেত্ৰত লাৰাৰ পিছত আছিল বেইলী । ভাৰতীয় অধিনায়কজনে চাৰিটা বাউণ্ডেৰী আৰু দুটা ছয়ৰ সৈতে ১৬ টা বলত ৩১ ৰাণত নট আউট হৈছিল । মেচখনত ভাৰতৰ ঋষভ পন্ত (১৪৬) আৰু ৰবীন্দ্ৰ জাদেজাৰ (১০৪) শতক অৰ্জন কৰি ৪১৬ ৰাণত প্ৰথম ইনিংছ সমাপ্ত কৰে ।

লগতে পঢ়ক: ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ এদিনীয়া শৃংখলাৰ ভাৰতীয় দল ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.