ETV Bharat / sports

Babar Azam steps down: অধিনায়ক পদ ত্যাগ পাক ক্ৰিকেটাৰ বাবৰ আজমৰ

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ পৰা পাকিস্তান আগতীয়াকৈ বাহিৰ হোৱাৰ পিছত বাবৰ আজমে তিনিওটা ফৰ্মেট টেষ্ট, এদিনীয়া আৰু টি-২০ৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে । বাবৰ আজমে অৱশ্যে খেলুৱৈ হিচাপে খেলি থাকিব ।

Pakistan captain in all formats
Babar Azam steps down as Pakistan captain
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:10 PM IST

স্প’ৰ্টছ ডেস্ক, ১৫ নৱেম্বৰ: ভাৰতত অনুষ্ঠিত আইচিচি বিশ্বকাপ ২০২৩ ত নিজৰ দলৰ বিফলতাৰ পিছত বুধবাৰে তাৰকা বেটছমেন বাবৰ আজমে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা পাকিস্তানৰ অধিনায়ক হিচাপে পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে । বিশ্বকাপত ভাল প্ৰদৰ্শন নকৰা ২৯ বছৰীয়া বেটছমেনগৰাকীয়ে দলটোৰ অধিনায়কৰ ভূমিকা সকলো ফৰ্মেটৰ পৰা ত্যাগ কৰিছে ।

পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত X বাবৰ আজমে এক বিবৃতিৰ জৰিয়তে এই ঘোষণা কৰে । ‘‘২০১৯ চনত পাকিস্তানক নেতৃত্ব দিবলৈ পিচিবিৰ পৰা ফোন পোৱা সেই মুহূৰ্তটো মোৰ স্পষ্টকৈ মনত আছে । যোৱা চাৰি বছৰত খেলপথাৰৰ ভিতৰত আৰু বাহিৰত বহু উচ্চ-নীচৰ অভিজ্ঞতা লাভ কৰিছো যদিও ক্ৰিকেট জগতত পাকিস্তানৰ গৌৰৱ আৰু সন্মান অক্ষুণ্ণ ৰখাৰ লক্ষ্য ৰাখিছিলোঁ ।’’ বাবৰে এক বিবৃতিত লিখিছে ।

‘‘হোৱাইট বল ফৰ্মেটত ১ নং স্থানত উপনীত হোৱাটো খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিচালনাৰ সামূহিক প্ৰচেষ্টাৰ ফল আছিল, কিন্তু এই যাত্ৰাৰ সময়ছোৱাত পাকিস্তান ক্ৰিকেট অনুৰাগীসকলৰ প্ৰতি আবেগিক সমৰ্থনৰ বাবে মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছো ৷’’ বাবৰে লগতে কয় ।

"আজি মই সকলো ফৰ্মেটতে পাকিস্তানৰ অধিনায়ক হিচাপে পদত্যাগ কৰিছো । এয়া এক কঠিন সিদ্ধান্ত, কিন্তু মই অনুভৱ কৰোঁ যে এই আহ্বানৰ বাবে এয়া উপযুক্ত সময় । মোক এই উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰাৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ডক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো ।’’ বাবৰ আজমে কয় ।

বাবৰৰ কাৰ্যকালত পাকিস্তানে এদিনীয়াত ১ নং স্থানলৈ উন্নীত হৈছিল । কলকাতাৰ ইডেনছ গাৰ্ডেনত ইংলেণ্ডৰ হাতত ৯৩ ৰানত বিপৰ্যয় ঘটাই বিশ্বকাপত বাবৰ আজমৰ নেতৃত্বত পাকিস্তানে নিজৰ বিপৰ্যয়জনক অভিযানৰ অন্ত পেলায় । প্ৰতিযোগিতাখনৰ অন্তিম চাৰিটা পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল পাকিস্তান ৷ ৯খন মেচৰ ভিতৰত ৫ খন খেলত জয়লাভ কৰা দলটো আহমেদাবাদত তীব্ৰ প্ৰতিদ্বন্দ্বী ভাৰতৰ হাতত ৭ উইকেটত পৰাস্ত হৈছিল ৷

ব্যক্তিগত পৰ্যায়ত বাবৰে বিশ্বকাপৰ ৯খন খেলত পাকিস্তানৰ হৈ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে গড়ে ৪০ ৰান আৰু ৮২.৯০ ষ্ট্ৰাইক ৰেটেৰে ৩২০ ৰান সংগ্ৰহ কৰে ।

বাবৰে অৱশ্যে স্পষ্ট কৰি দিলে যে তেওঁ পাকিস্তানৰ খেলুৱৈ হিচাপে খেলি থাকিব । চলিত সপ্তাহৰ আৰম্ভণিতে মৰ্ণে মৰ্কেলে পাকিস্তান পুৰুষ দলৰ বলিং প্ৰশিক্ষকৰ পদৰ পৰা পদত্যাগ কৰিছিল । দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰগৰাকীয়ে চলিত বৰ্ষৰ জুন মাহত ছমাহৰ চুক্তিৰে পাকিস্তান দলত যোগদান কৰিছিল ।

লগতে পঢ়ক: ICC World Cup 2023 : ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’ব বিশ্বকাপ 2023ৰ ফাইনেল : ভৱিষ্যদ্বাণী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ কৰ্ষণ ঘাভৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.