ETV Bharat / sports

ICC World Cup 2023 : টাইম আউটৰ আপীল, বেটিং নকৰাকৈয়ে পেভিলিয়নলৈ উভতিল এঞ্জেলো মেথিউছ

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 5:51 PM IST

বিশ্ব ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে টাইম আউট নিয়মৰ অধীনত শ্ৰীলংকাৰ বেটছমেন এঞ্জেলো মেথিউছক আউট দিলে আম্পায়াৰে । বেটিং কৰিবলৈ অহাত অধিক সময় লোৱাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে । বাংলাদেশৰ অধিনায়ক চাকিব আল হাছানে টাইম আউটৰ আপীল কৰিছিল ।

ICC World Cup 2023
বেটিং নকৰাকৈয়ে পেভিলিয়নলৈ উভতিল এঞ্জেলো মেথিউছ

স্পৰ্টছ ডেস্ক,৬ নৱেম্বৰ : শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত সোমবাৰে দিল্লীত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ মেচ । কিন্তু খেলৰ মাজত অনাকাংক্ষিত ঘটনা সংঘটিত হয় । বাংলাদেশৰ অধিনায়কে টাইম আউট আপীল কৰাৰ বাবে বেটিং নকৰাকৈয়ে পেভিলিয়নলৈ উভতিব লগীয়া হ'ল শ্ৰীলংকাৰ বেটছমেন এঞ্জেলো মেথিউছ । ইয়াৰ লগে লগে পুৰুষ আৰু মহিলাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইতিহাসত আনুষ্ঠানিকভাৱে টাইম আউট ঘোষণা কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে মেথিউছ । যিকোনো ফৰ্মেটত মাত্ৰ ৬ বাৰ হে এনেধৰণৰ ঘটনা সংঘটিত হৈছে । সকলোবোৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত আছিল ।

উল্লেখ্য যে এঞ্জেলো মেথিউছে বেটিং কৰিবলৈ যোৱাৰ সময়ত তেওঁৰ হেলমেটৰ ফিটাডালে কাম কৰা নাছিল । তেওঁ আন এটা হেলমেট বিচাৰিছিল যাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল । শ্ৰীলংকা ডাগআউটৰ পৰা সহযোগী খেলুৱৈয়ে তেওঁক আন এটা হেলমেট আনি দিছিল । কিন্তু এই ক্ষেত্ৰত অসন্তুষ্ট হৈ বাংলাদেশৰ অধিনায়ক চাকিব আল হাছানে টাইম আউটৰ আপীল কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে খেলপথাৰৰ আম্পায়াৰসকলে তেওঁক নিয়ম অনুসৰি আউট ঘোষণা কৰাৰ বাহিৰে কোনো বিকল্প নাথাকিল ।

মেৰিলেবোন ক্ৰিকেট ক্লাবৰ (এমচিচি) নিয়ম অনুসৰি উইকেট যোৱাৰ পাছত বা বেটছমেনৰ অৱসৰৰ পাছত পৰৱৰ্তী বেটছমেনজন আহিবলৈ সাজু থাকিব লাগে । তিনি মিনিটৰ ভিতৰত পৰৱৰ্তী বলটো বেটছমেনজন খেলিব লাগিব । যদি এই নিয়ম পালন কৰা নহয় তেনেহ'লে খেলপথাৰলৈ অহা নতুন বেটছমেনজনৰ বিৰুদ্ধে নিৰ্দিষ্ট নিয়মৰ আধাৰত টাইম আউট ঘোষণা কৰা হ'ব আৰু তেওঁক আউট দিয়া হ'ব ।

অৱশ্যে, এদিনীয়া বিশ্বকাপ ২০২৩ প্লেয়িং কণ্ডিচনচ দুই মিনিটতহে সময় দিয়া হয় । অৰ্থাৎ উইকেট গ'লে বা বেটছমেনে অৱসৰ ল'লে পৰৱৰ্তী বলটো ২ মিনিটৰ ভিতৰত খেলিবলৈ বেটছমেনগৰাকী সাজু থাকিব লাগিব । সেই নিয়ম পূৰণ নকৰিলে তেওঁক আউট দিয়া হ'ব ।

অৱশ্যে এই কথা জানিব পৰাৰ পাছত এঞ্জেলো মেথিউছ নিৰাশ হৈছিল আৰু চাকিব আল হাছানক এই আপীল প্ৰত্যাহাৰ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছিল । কিন্তু চাকিবে আপীলটো প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে । যাৰ বাবে মেথিউছে ড্ৰেছিং ৰুমলৈ যোৱাৰ বাহিৰে কোনো বিকল্প নাথাকিল । সেই সময়ত মেথিউছ আৰু শ্ৰীলংকাৰ ড্ৰেছিং ৰুমত যথেষ্ট নিৰাশা দেখা গৈছিল ।

লগতে পঢ়ক :Cricket world cup 2023: ভাৰতীয় বলাৰৰ প্ৰশংসাত পঞ্চমুখ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ মাইকেল ভন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.