স্পৰ্টছ ডেস্ক, 29 মে': আগন্তুক বৰ্ষৰ ১১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীৰ ভিতৰত আয়োজন কৰা হ'ব বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ । শুকুৰবাৰে এই কথা ঘোষণা কৰে বিশ্ব বেডমিণ্টন ফেডাৰেচনে । মিশ্ৰিত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ পিচতেই আয়োজন কৰা হ'ব এই প্ৰতিযোগিতা । মিশ্ৰিত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ দিন ধাৰ্য কৰা হৈছে ১১ ৰ পৰা ১৬ জানুৱাৰী ।
BWF ৰ মহাসচিবৰ ফালৰ পৰা কোৱা হৈছে, সকলো দিশৰ কথা চিন্তা কৰি আমি অনুভৱ কৰিছো যাতায়ত তথা অন্যান্য ধৰণৰ সম্ভাৱনা পূৰ্ণ সমস্য়া সমূহ দূৰ কৰাৰ এইটোৱে আটাইতকৈ সঠিক বিকল্প পথ । লগতে তেওঁ কয়, আমি অকলেণ্ডত বেডমিণ্টন নিউজিলেণ্ডৰ সৈতে একেলগে কাম কৰিবলৈ প্ৰস্তুত ।
এতিয়া নতুন তাৰিখৰ মতে ২০২১ চনৰ জানুৱাৰী মাহত আয়োজন হ'ব বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ । যি সকল খেলুৱৈয়ে পূৰ্বতে অংশগ্ৰহণ কৰিছে সেই সকল খেলুৱৈক হে প্ৰৱেশ কৰিবলৈ দিয়া হ'ব । আনহাতে BWF য়ে শেহতীয়াকৈ ২০২০ ৰ সংশোধিত আন্তঃৰাষ্ট্ৰীয় কেলেণ্ডাৰ ঘোষণা কৰি টকিঅ' অলিম্পিকৰ বাবে যোগ্যতাৰ সময় ইতিমধ্য়ে আগন্তুকৈ বৰ্ষলৈ বৃদ্ধি কৰিছে ।
বেডমিণ্টন নিউজিলেণ্ডৰ মুখ্য় কাৰ্যবাহী বিষয়া জ' হিচ্ককে আত্মবিশ্বাস প্ৰকাশ কৰি খেলুৱৈ আৰু দৰ্শককে এই প্ৰতিযোগিতাক কেতিয়াও পাহৰিব নোৱাৰা অনুভৱ লাভ কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ।