স্পৰ্টছ ডেস্ক, 1 আগষ্টঃ শেহতীয়া কৈ প্ৰকাশ পালে BWF ৰ নতুন ৰেংকিঙ ৷ ভাৰতীয় তাৰকা খেলুৱৈ পিভি সিন্ধু পূৰ্বৰ পঞ্চম স্থান দখল কৰাৰ বিপৰীতে অষ্টম স্থানতে আছে ছাইনা নেহৱাল ৷ অৱশ্যে মহিলা শাখাত মুগ্ধা অগ্ৰেৰ ছয় স্থান অগ্ৰগতিৰ লগতে ঋতুপৰ্ণা দাসৰ এক স্থানৰ অগ্ৰগতিৰে ক্ৰমে 62 আৰু 65 স্থান দখল কৰিবলৈ সক্ষম হৈছে দুই খেলুৱৈয়ে ৷
ইপিনে পুৰুষ শাখাত কিদাম্বী শ্ৰীকান্ত আৰু সমীৰ বৰ্মাই দশম আৰু ত্ৰয়োদশ স্থান দখল কৰি আছে ৷ অৱশ্যে এই ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় পুৰুষ শ্বাটলাৰ ছাই প্ৰণীতে ৷ চাৰিটা স্থানৰ অগ্ৰগতিৰে বৰ্তমান বিংশতম স্থান দখল কৰিছে প্ৰণীতে ৷ ৰেংকিঙত অগ্ৰগতি লাভ কৰি থকা অন্যান্য ভাৰতীয় খেলুৱৈ সকল হৈছে এইজ এছ প্ৰণয় (31), পাৰুপল্লী কাশ্যপ (35), শুভাংকৰ ডে (41), আৰু সৌৰভ বৰ্মা (44) ৷