ETV Bharat / sports

মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ছাইনা,সিন্ধু - মালয়েছিয়া মাষ্টাৰ্ছ

মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ছাইনা, পি.ভি.সিন্ধুৰ ৷ আনহাতে,প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে কিদাম্বি শ্ৰীকান্ঠ,ছাই প্ৰণীঠ আৰু পুৰুষৰ ডাবলছ যুটী ৷

মালয়েছিয়া মাষ্টাৰ্ছ, 2020
মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত ছাইনা, সিন্ধু
author img

By

Published : Jan 8, 2020, 5:39 PM IST

স্পৰ্টছ ডেস্ক, 8 জানুৱাৰী : 2012 অলিম্পিক ব্ৰঞ্জ পদকজয়ী ছাইনা নেহৱালে বুধবাৰে মালয়েছিয়া মাষ্টাৰ্ছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ৷ বেলজিয়ামৰ লিয়ানে টেনক 36 মিনিটৰ যুঁজত 21-15, 21-17 ছেটত পৰাস্ত কৰে ছাইনাই ৷ আন এগৰাকী বেডমিন্টন তাৰকা পি. ভি. সিন্ধুয়েও প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰথম ৰাউণ্ডত সিন্ধুয়ে ৰাছিয়াৰ এভগেনীয়া কছেটছকায়াক 21-15, 21-13 ছেটত পৰাস্ত কৰে৷

আনহাতে, কিদাম্বি শ্ৰীকান্ঠ প্ৰথম ৰাউণ্ডৰ মেচতে চাইনিজ টাইপেইৰ চৌ টিয়েন চেনৰ হাতত পৰাস্ত হয় ৷ 30 মিনিটৰ যুঁজতে চেনে শ্ৰীকান্ঠক 21-17, 21-5 ছেটত সহজে পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ শ্ৰীকান্ঠৰ লগতে ছাই প্ৰণীঠেও প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হৈছে ৷ ডেনমাৰ্কৰ ৰাচমাছ গেমকেৰ হাতত 11-21, 15-21 ছেটত পৰাস্ত হয় ছাই প্ৰণীঠ ৷

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ডাবলছ মেচত স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীও মালয়েছিয়া মাষ্টাৰ্ছৰ পৰা বাহিৰ হয় ৷ ভাৰতীয় দলটোক মালয়েছিয়াৰ অং ইউ ছিন আৰু টেও ইৰ যুটীয়ে পৰাস্ত কৰে ৷ বুধবাৰৰ দিনটোতে পাৰুপল্লী কাশ্যপ, পি. ভি. সিন্ধু, সমীৰ বৰ্মা আৰু এইছ. প্ৰণয়ে প্ৰতিযোগিতাৰ আৰম্ভণি কৰিব ৷

আৰু পঢ়ক : ভাৰত বন্ধ : প্ৰতিবাদত উত্তাল সমগ্ৰ ভাৰত

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.