ETV Bharat / sports

পি. ভি. সিন্ধুয়ে ইতিহাস ৰচিবলৈ সক্ষম হ'ল : ৰিজিজু

শ্বাটলাৰ পি. ভি. সিন্ধুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু ৷ দেওবাৰে অনুষ্ঠিত বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছত ভাৰতীয় বেডমিন্টন তাৰকা গৰাকীয়ে জাপানৰ ন'জমি অ'কুহাৰাক 21-7, 21-7 ছেটত পৰাস্ত কৰে ৷ ইয়াৰ জৰিয়তে বিশ্ব চেম্পিয়নশ্বিপছত স্বৰ্ণ পদক দখলকাৰী প্ৰথম গৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰে সিন্ধুয়ে ৷

author img

By

Published : Aug 26, 2019, 1:36 PM IST

পি. ভি. সিন্ধুয়ে ইতিহাস ৰচিবলৈ সক্ষম হ'ল : ৰিজিজু

স্পৰ্টছ ডেস্ক, 26 আগষ্ট : শ্বাটলাৰ পি. ভি. সিন্ধুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু ৷ ৰিজিজুয়ে মন্তব্য কৰে যে, "এয়া ভাৰতৰ বাবে এক বৃহৎ দিন ৷ সিন্ধুয়ে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ এয়া কেৱল বেডমিন্টনৰ বাবেই নহয়, ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবেই বৃহৎ দিন" ৷

লগতে তেওঁ কয়, "আমি সিন্ধুক লৈ গৌৰৱাম্বিত ৷ মই প্ৰতিজন ভাৰতীয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৰফৰ পৰা তেওঁলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো" ৷

শ্বাটলাৰ পি. ভি. সিন্ধু

উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত মেচত বিডব্লিউএফ ৱৰ্ল্ড চেম্পিয়নশ্বিপছত ভাৰতীয় বেডমিন্টন তাৰকা গৰাকীয়ে জাপানৰ ন'জমি অ'কুহাৰাক 21-7, 21-7 ছেটত পৰাস্ত কৰে ৷ ইয়াৰ জৰিয়তে বিশ্ব চেম্পিয়নশ্বিপছত স্বৰ্ণ পদক দখলকাৰী প্ৰথম গৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰে সিন্ধুয়ে ৷ তাৰোপৰি, 36 বছৰৰ অন্তত বিশ্ব চেম্পিয়নশ্বিপছত পদক দখল কৰা দ্বিতীয় গৰাকী ভাৰতীয় হিচাপেও পৰিগণিত হয় ৷

ইয়াৰ পূৰ্বে 24 বৰ্ষীয় ভাৰতীয় খেলুৱৈ গৰাকীয়ে এই টুৰ্ণামেন্টৰ 2013 আৰু 2014 বৰ্ষত ব্ৰঞ্জ পদক দখল কৰাৰ লগতে 2017 আৰু 2018 বৰ্ষত ৰূপৰ পদক দখল কৰিছিল ৷ ইয়াৰোপৰি, 2016 বৰ্ষৰ ৰিঅ' অলিম্পিকছত সিন্ধুয়ে ৰূপৰ পদক দখল কৰিছিল ৷ চলিত বৰ্ষৰ ইণ্ডোনেছিয়া অ'পেনৰ ফাইনেলত প্ৰৱেশৰ সুবিধা লাভ কৰিছিল তাৰকা খেলুৱৈ গৰাকীয়ে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.