ETV Bharat / sports

ফ্ৰেন্স অ'পেনৰ ফাইনেলত পৰাস্ত পুৰুষৰ ডাবলছ যুটী ছেট্টী-ৰনকিৰেড্ডী - french open final update

ফ্ৰেন্স অ'পেনৰ ফাইনেলত পৰাস্ত হোৱাৰ পাচত ৰূপৰ পদকত ক্ষান্ত থাকিবলগা হয় ভাৰতীয় পুৰুষ ডাবলছ যুটী ছিৰাগ ছেট্টী-স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী ৷ ফাইনেলত ইণ্ডোনেছিয়াৰ মাৰ্কাছ জিডিয়ন আৰু কেভিন ছুকামোলজোৰ হাতত 21-18, 21-16 ছেটত পৰাস্ত হ'ল ভাৰতীয় যুটীটো ৷

ছিৰাগ ছেট্টী-স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী
author img

By

Published : Oct 28, 2019, 12:19 PM IST

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ : ফ্ৰেন্স অ'পেনৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ'ল ভাৰতীয় পুৰুষ ডাবলছ যুটী ছিৰাগ ছেট্টী-স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত ইণ্ডোনেছিয়াৰ মাৰ্কাছ জিডিয়ন আৰু কেভিন ছুকামোলজোৰ হাতত 21-18, 21-16 ছেটত পৰাস্ত হ'ল ভাৰতীয় যুটীটো ৷ আধা ঘন্টাৰ যুঁজত ভাৰতীয় যুটীটোৱে পৰাস্ত হোৱাৰ পাচতে ৰূপৰ পদকতে ক্ষান্ত থাকিবলগা হয় ৷

ৰূপৰ পদক দখল
ছিৰাগ ছেট্টী-স্বাতৱিকছাইৰাজ ৰনকিৰেড্ডী

টুৰ্ণামেন্টখনত দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটীটোৰ বিৰুদ্ধে আশানুৰূপ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ'ল ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বে বিশ্ব ৰেংকিঙৰ 11 সংখ্যক স্থানৰ ছেট্টী-ৰনকিৰেড্ডী যুটীয়ে ছেমি ফাইনেলত জাপানৰ হিৰ'য়ুকী এণ্ডো আৰু য়ুটা ৱাতানাৱে যুটীক 21-11, 25-23 ছেটত পৰাস্ত কৰে আৰু ফাইনেললৈ অগ্ৰসৰ হয় ৷

এই বছৰতে থাইলেণ্ড অ'পেন দখলৰ জৰিয়তে ভাৰতীয় যুটীটোৱে সংবাদ মাধ্যমৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.