ETV Bharat / sports

লিন ডেনৰ দখলত মালয়েছিয়া অ'পেন - ETV BHARAT

মালয়েছিয়া অ'পেন, 2019 ৰ খিতাপ দখল কৰিছে চীনৰ বেটমিন্টন খেলুৱৈ লিন ডানে ৷ 78 মিনিটৰ যুঁজত বিশ্ব ৰেংকিঙৰ 16 সংখ্যক খেলুৱৈ গৰাকীয়ে চেন লঙক 9-21, 21-7, 21-11 ছেটত পৰাস্ত কৰে ৷

MALAYSIA OPEN: LIN DAN WINS THE TITLE
author img

By

Published : Apr 8, 2019, 4:01 PM IST

নিউজ ডেস্ক, 8 এপ্ৰিল: চীনৰ বেটমিন্টন খেলুৱৈ লিন ডানে দখল কৰিছে মালয়েছিয়া অ'পেন, 2019 ৰ খিতাপ ৷ দেওবাৰে অনুষ্ঠিত ফাইনেল মেচত সুন্দৰ প্ৰদৰ্শনেৰে চীনৰে প্ৰতিদ্বন্দী চেন লঙক পৰাস্ত কৰে ৷ এইয়া লিন ডানৰ বৰ্তমানলৈকে সকলোতকৈ ডাঙৰ উপলব্ধি হিচাপে পৰিগণিত হৈছে ৷ 78 মিনিটৰ যুঁজত বিশ্ব ৰেংকিঙৰ 16 সংখ্যক খেলুৱৈ গৰাকীয়ে 9-21, 21-7, 21-11 ছেটত জয় সাব্যস্ত কৰে ৷

ETV BHARAT
MALAYSIA OPEN: LIN DAN WINS THE TITLE

উল্লেখ্য যে, জানুৱাৰীৰ পৰা প্ৰদৰ্শনত ধাৰাবাহিকতা ৰাখিব নোৱাৰাৰ বাবে বহুকেইখন টুৰ্ণামেন্টৰ পৰা আগতীয়াকৈ বিদায় মাগিব লগা হৈছিল খেলুৱৈগৰাকীয়ে ৷ কিন্তু মালয়েছিয়া অ'পেন দখল কৰি আত্মবিশ্বাস ঘূৰাই পোৱা খেলুৱৈগৰাকীয়ে দুই বাৰৰ বিশ্ব চেম্পিয়ন চেনৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছত তেওঁৰ সুদিন ঘূৰি অহা বুলি মন্তব্য কৰে ৷

লিন ডেনৰ দখলত মালয়েছিয়া অ'পেন 

Lin Dan.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.