স্পৰ্টছ ডেস্ক, 17 জানুৱাৰী : ইণ্ডোনেছিয়া মাষ্টাৰ্ছৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজয় স্বীকাৰ কৰিছে বিশ্ব চেম্পিয়ন শ্বাটলাৰ পি. ভি. সিন্ধুয়ে ৷ মহিলাৰ ছিংগলছত জাপানৰ ছায়াকা টাকাহাছিৰ হাতত পৰাস্ত হয় ভাৰতীয় শ্বাটলাৰগৰাকী ৷ বৃহস্পতিবাৰে অনুষ্ঠিত মেচত এঘন্টা ছয় মিনিটৰ যুঁজত 21-16, 16-21, 19-21 ছেটত পৰাস্ত হয় সিন্ধু ৷
উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত দ্বিতীয় ৰাউণ্ডৰ মেচত ভাৰতৰ কেৱল সিন্ধুয়েহে পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হ'বলৈ সক্ষম হৈছিল ৷ দ্বিতীয় ৰাউণ্ডৰ মেচত সিন্ধুয়ে জাপানৰ অয়া অহৰিক 14-21, 21-15, 21-1 ছেটত পৰাস্ত কৰিছিল ৷
আৰু পঢ়ক : বি চি চি আইৰ তালিকাৰ পৰা বাদ পৰিল ধোনী