নিউজ ডেস্ক, ২৮ ফেব্ৰ্ুৱাৰী: ভাৰতৰ যুৱ মল্লযুঁজাৰু তথা ফোগত ভগ্নীৰ সকলোতকৈ সৰু ৰিতু ফোগতে অৱসৰ ঘোষনা কৰিছে । অৱসৰৰ কথা ঘোষনা কৰিয়ে মিক্স মাচিয়েল আৰ্ট চমুকৈ এম এম এ ত যোগদান কৰাৰ কথা ব্যক্ত কৰিছে খেলুৱৈগৰাকীয়ে । পিতৃ মহাবীৰ সিং ফোগতে জানিবলৈ দিয়া মতে ৰিতুয়ে ইতিমধ্যেই ছিংগাপুৰস্থিত ইভলভ্ এম এম এৰ সৈতে স্বাক্ষৰ কৰিছে ।
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/2568635_928_d7a6de7b-d55e-4c23-ba13-7ce289d20643.png)
ইফালে ৰিতু ফোগতৰ আকস্মিক অৱসৰে অসন্তুষ্ট কৰি তুলিছে ভাৰতীয় মল্লযুঁজ সংস্থাক । উল্লেখ্য যে, ৰিতু ২০১৬ চনৰ কমনৱেলথ গেমছৰ ৪৮ কিলোগ্ৰাম ওজন শাখাৰ সোণৰ পদক, ২০১৭ এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক আৰু ২৩ বছৰ অনূৰ্ধ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক জয়ী ।