স্পৰ্টছ ডেস্ক, ১ মাৰ্চঃ নতুন দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স টুৰ্ণামেণ্টৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ দ্যুতিচান্দৰ । ২৩.৩০ ছেকেণ্ডেৰে এই সফলতা অৰ্জন মহিলা এথলীট গৰাকীৰ । ইয়াৰ লগে-লগেই দৌহাত অনুষ্ঠিত হ'বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰৱেশ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে । ইয়াৰোপৰি টুৰ্ণামেণ্টখনত অঞ্জলী দেৱীয়ে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে ব্ৰঞ্জৰ পদক আজুৰি আনে সুপ্ৰীয়া মণ্ডলে ।
অন্যহাতে হৰ্ডল ৰেচত ৪৯.৯৪ ছেকেণ্ডৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ধাৰুণ আয়াশামীয়ে। ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স টুৰ্ণামেণ্টত এইটো আছিল ধাৰুণৰ দ্বিতীয়টো স্বৰ্ণ। এই শাখাতে সন্তোষে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰামচন্দ্ৰনে লাভ কৰে ব্ৰঞ্জৰ পদক ।