দৰং,26 ডিচেম্বৰঃ মঙলদৈত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু জুবিন গাৰ্গৰ যুটীয়া সংবাদমেল ৷ সকলোৱে একেলগে আন্দোলন আগবঢ়াই নিয়াৰ সংকল্প । জুবিনক লৈ কোনো আক্ষেপ নাই বুলি জনাই কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই । জুবিন গাৰ্গে ক'লে," নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলাই যাম ৷ দৰকাৰ হ'লে অকলে আন্দোলন কৰিম কিন্তু 'CAA' বাতিল কৰাইহে এৰিম ৷ মই সাৰ্বজনীন দাদা । কেতিয়াবা কথা কওঁতে ক'ব নলগা কথা ওলাই যায়, সেই বাবে যাতে কোনেও বেয়াকৈ নলয় । " লগতে অখিল গগৈ , শৃংখল চলিহাক আটক কৰা সন্দৰ্ভতো নিজৰ মন্তব্য প্ৰকাশ কৰে জুবিন গাৰ্গে ৷
লগতে পঢ়কঃ অখিল গগৈৰ বাসগৃহ,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কার্যলয়ত NIAৰ অভিযান