ETV Bharat / sitara

তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পিছৰে পৰা ছ'চিয়েল মিডিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিছিল শ্বেহনাজ গীলে । সিদ্ধাৰ্থৰ মৃত্যুৰ পাচত অনুৰাগীয়ে শ্বেহনাজক লৈ চিন্তাও ব্যক্ত কৰিছিল । কিন্তু শ্বেহনাজে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । অৱশেষত সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত মুকলি কৰিলে শ্বেহনাজে । গীতটিয়ে আবেগিক কৰি তুলিছে অনুৰাগীক ।

author img

By

Published : Oct 29, 2021, 4:59 PM IST

Updated : Oct 29, 2021, 5:34 PM IST

Shehnaaz Gill has released a tribute song for late actor Sidharth Shukla
হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ

চিটাৰা ডেস্ক, ২৯ অক্টোবৰ: শ্বেহনাজ গীলৰ জীৱনত এতিয়া শূন্যতা । সিদ্ধাৰ্থৰ অনুপস্থিতিত অকলশৰীয়া হৈ পৰিছে শ্বেহনাজ । এটি গীতৰ জৰিয়তে মনৰ অৱস্থাৰ কথা প্ৰকাশ কৰিলে শ্বেহনাজ গীলে। হৃদয়স্পৰ্শী গীতেৰে প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লালৈ শ্বেহনাজে শ্ৰদ্ধাঞ্জলি জনালে ।

শুকুৰবাৰে 'তু য়হী হ্যে' শীৰ্ষক গীতটি শ্বেহনাজৰ অফিচিয়েল ইউটিউব চেনেলত মুকলি কৰা হয় । বৃহস্পতিবাৰে গানটো মুকলি হোৱাৰ কথা ঘোষণা কৰিছিল শ্বেহনাজে আৰু এয়াই আছিল সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৰ পাচত ছ'চিয়েল মিডিয়াত শ্বেহনাজৰ প্ৰথমটো পোষ্ট । গীতটিত শ্বেহনাজ গীলে নিজেই কণ্ঠ নিগৰাইছে । গীতৰ কথা ৰাজ ৰঞ্জোধৰৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

'তু য়হী হ্যে' শীৰ্ষক গীতটিত শ্বেহনাজ আৰু সিদ্ধাৰ্থৰ ৰোমাঞ্চকৰ যাত্ৰা সুন্দৰ ৰূপত দেখুওৱা হৈছে আৰু লগতে সিদ্ধাৰ্থবিহীন শ্বেহনাজৰ বৰ্তমানৰ অৱস্থাৰ বিষয়েও সুন্দৰকৈ দাঙি ধৰা হৈছে । উল্লেখ্য যে, সিদ্ধাৰ্থ আৰু শ্বেহনাজৰ অন্তিমটো সংগীত ভিডিঅ' "হেবিট"ৰ মুক্তিৰ কেইদিনমানৰ ভিতৰতে যথেষ্ট সঁহাৰি লাভ কৰিছিল ।

শ্বেহনাজ আৰু সিদ্ধাৰ্থ বিগ বছৰ প্ৰতিযোগী আছিল । সেই সময়ত দুয়োৰে মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিছিল । কিন্তু আনুষ্ঠানিকভাৱে তেওঁলোকে কেতিয়াও নিজৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাছিল । বিগ বছ অ'টিটি আৰু ডান্স দিৱানে-3 ৰ দৰে ৰিয়েলিটি শ্ব'তো দুয়োকে একেলগে দেখা পোৱা গৈছিল । লগতে "ভুলা দুংগা" আৰু "ছোনা ছোনা" শীৰ্ষক সংগীত ভিডিঅ'ত শ্বেহনাজ আৰু সিদ্ধাৰ্থে অভিনয় কৰিছিল ।

"বাবুল কা আংগন চুটে না", "দিল চে দিল তক" আৰু "বালিকা বধুৰ" দৰে ধাৰাবাহিকৰ বাবে সিদ্ধাৰ্থ খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল । বিগ বছ-১৩ত বিজয়ী হোৱাৰ পাচত শ্বেহনাজৰ সৈতে সংগীত ভিডিঅ'ত কাম কৰে সিদ্ধাৰ্থে । যোৱা ২ ছেপ্টেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ ৪০ বছৰীয়া সিদ্ধাৰ্থৰ মৃত্যু হয় ।

লগতে পঢ়ক:চিকিৎসাধীন চুপাৰষ্টাৰ ৰজনীকান্ত

Last Updated : Oct 29, 2021, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.