ETV Bharat / sitara

Tribute to actor Biju Phukan : অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি - Dr Bezbaruah an assamese movie

অভিনেতা বিজু ফুকনৰ মৃত্যুৰ চাৰি বছৰ সম্পূৰ্ণ ৷ মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to actor Biju Phukan) বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই ৷

Tribute to actor Biju Phukan on his death day
অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি
author img

By

Published : Nov 22, 2021, 4:40 PM IST

চিটাৰা ডেস্ক, 22 নৱেম্বৰ : চাৰি বছৰ পূৰ্বে আজিৰ দিনটোতে অসমীয়া চলচিত্ৰ জগতখনৰ পৰা খহি পৰিছিল এটি ভোটাতৰা ৷ যাৰ নাম বিজু ফুকন ৷ বিজু ফুকন বুলিলে নকৈ পৰিচয় কৰি দিয়াৰ হয়তো প্ৰয়োজন নাই ৷ অসমীয়া চলচিত্ৰ জগতৰ অভিনেতা বিজু ফুকন(Actor Biju Phukan)ৰ নাম নুশুনা লোক হয়তো কমেই ওলাব বা একেবাৰে নোলাব ৷

চাৰি বছৰ পূৰ্বে 22 নৱেম্বৰৰ দিনটোত দেহাৱসান ঘটিছিল অভিনেতা বিজু ফুকনৰ ৷ 1947 চনৰ 18 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা বিজু ফুকনে অসমীয়া ছবি জগতত আত্মপ্ৰকাশ ঘটাইছিল ডাঃ বেজবৰুৱা ছবিৰ জৰিয়তে ৷

  • জনপ্ৰিয় বহুকেইখন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি খ্যাতি বোটলা সকলোৰে শ্ৰদ্ধাৰ বিজুদাই যি চৰিত্ৰই নকৰক কিয়, সফল হৈছিল সকলোতে৷ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী বিজুদাক যেতিয়াই লগ পাইছিলোঁ তেতিয়াই উজ্জীৱিত হৈছিলোঁ৷ আজি পৱিত্ৰ পুণ্যতিথিত প্ৰিয় অভিনেতাগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ৷ pic.twitter.com/xMnH6lOH0Z

    — Himanta Biswa Sarma (@himantabiswa) November 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সেয়াই আছিল আৰম্ভণি ৷ তাৰ পিছত আৰু ঘূৰি চাবলগীয়া হোৱা নাই অভিনেতাগৰাকীয়ে ৷ সেই সময়ৰ অসমীয়া চলচিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় অভিনেতা হিচাপে পৰিচিত হৈছিল বিজু ফুকন ৷ তাতকৈ বেছি সকলোৰে মাজত পৰিচিত হৈছিল "বিজু দা" ৰূপেহে ৷

বিজু ফুকনে অভিনয় কৰা আজলী নবৌ, বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে । সাহিত্যিক ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰা বিজু ফুকনে ভ্ৰাম্যমাণ থিয়েটাৰতো কৰিছিল দুৰ্দান্ত অভিনয় ৷ এসময়ত আৱাহন আৰু ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চ কঁপাই তুলিছিল বিজু ফুকনে ৷ একেদৰে বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে । আৱাহন আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰিছিল সকলোৰে জনপ্ৰিয় বিজু দাই ৷

তদুপৰি 1980 চনত বিজু ফুকনে পৰিচালনা কৰা 'ভাই-ভাই' ছবিখনে ব্যৱসায়িক সফলতা লাভ কৰে ৷ অসমীয়া চলচ্চিত্ৰ জগতৰ এইগৰাকী মহানায়কে 2017 চনৰ 22 নৱেম্বৰত গুৱাহাটীৰ এপ’ল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পূৰ্বেও বহুবাৰ অভিনেতাগৰাকীক স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্যু তিথিত অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Tribute to actor Biju Phukan) বহুসংখ্যক অনুৰাগী তথা গুণমুগ্ধই ৷

লগতে চাওক: Happy Birthday Kartik Aaryan : কাৰ্তিক অভিনীত 5 টা জনপ্ৰিয় চৰিত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.