চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃ মুক্তি পালে টেইলৰ চুইফটৰ এটা ব্যতিক্ৰমী ৰোমাঞ্চকৰ মিউজিক ভিডিঅ' ৷ য'ত তাৰকাগৰাকীয়ে নিজকে উপস্থাপন কৰিছে এজন পুৰুষ হিচাপে ৷ কোনো কাৰণতে চিনিব নোৱাৰা পুৰুষ অৱতাৰত দেখিবলৈ পোৱা গ'ল টেইলৰ চুইফটক ৷
- " class="align-text-top noRightClick twitterSection" data="">
চাৰি মিনিট 14 ছেকেণ্ডৰ ভিডিঅ'টোত 33 বছৰীয়া তাৰকাগৰাকীয়ে এজন পুৰুষ হিচাপে অভিনয় কৰিছে ৷ অফিচতে হওক বা,পাৰ্টীতে হওক বা টেনিছ খেলোতে হওক সকলোতে এজন পুৰুষ ৰূপত দেখা পোৱা গ'ল তাৰকাগৰাকীক ৷ অভূতপূৰ্ব মেকআপে তাৰকা গৰাকীক ৰূপান্তৰ কৰে পুৰুষ অৱতাৰত ৷ অৱশ্যে কেৱল মেক আপেই নহয়, এইক্ষেত্ৰত টেইলৰ চুইফটৰ অভাৱনীয় অভিনয় শৈলীও যথেষ্ট শলাগিবলগীয়া ৷
লগতে পঢ়কঃশেখৰ কাপুৰক জাৱেদ আখটাৰে ক'লে,'মিষ্টাৰ ইণ্ডিয়া আপোনাৰ আইডিয়া নাছিল '