গুৱাহাটী, 18 এপ্ৰিল: কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ঘৰতে হেঁপাহৰ বিহু উদযাপন কৰিছে অসমবাসীয়ে। অসমৰ শিল্পীসমাজেও হাতত লৈছে এই পন্থা। ঘৰতে থাকি সামাজিক মাধ্যমযোগে ৰাইজক দিছে ৰঙালী বিহুৰ শুভেচ্ছা ।
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশেও নিজ ঘৰতে চ’ছিয়েল মিডিয়া যোগে গীত গাই ৰাইজক সজাগ কৰাৰ লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । শিল্পীগৰাকীৰ এসময়ৰ জনপ্ৰিয় গীত 'নাযাবা নাযাবা সোণ' শীৰ্ষক গীতটি সজাগতামূলক কথাৰে ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি উলিয়াইছে তেওঁ । এই সময়ছোৱাত সকলোকে ঘৰতে থকাৰ বাবে গীতটিৰ মাজেৰে আহ্বান জনায় কণ্ঠশিল্পীগৰাকীয়ে ।
লগতে পঢ়ক : বৰাকলৈ অত্যাৱশ্যকীয় সামগ্ৰীঃ কনৰাড চাংমাৰ সহায় বিচাৰিলে সোণোৱালে