ETV Bharat / sitara

ওপজা দিনতে ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা - প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকী

প্ৰবীন চলচ্চিত্ৰ অভিনেতা ভোলা কটকীৰ ৮৬ সংখ্যক ওপজা দিনৰ শুভক্ষণত তেওঁলৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধন বঁটা ৷

shilpi bhola kakoty got award
ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা
author img

By

Published : Jan 21, 2020, 6:45 PM IST

চতিয়া, 21 জানুৱাৰীঃ প্ৰগতিশীল মন আৰু প্ৰগতিশীল চিন্তাধাৰাৰ এজন ব্যক্তি হৈছে জামুগুৰিহাটৰ ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহ স্বৰূপ, প্ৰবীন চলচ্চিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকী ৷ এই মন্তব্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ ৷ অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱনত সোমবাৰে বিয়লি অনুষ্ঠিত নাট্যশিল্পী ভোলা কটকীৰ ৮৬ সংখ্যক ওপজা দিন উপলক্ষে হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ সভাত শিল্পীগৰাকীক প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটিয়ে প্ৰদান কৰে জীৱনজোৰা সাধন বঁটা ৷ বঁটা প্ৰদান কৰাৰ লগতে বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে ওপজা দিন উপলক্ষে শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে ৷

ভোলা কটকীলৈ জীৱনজোৰা সাধন বঁটা

ওপজা দিন উদযাপনৰ অনুষ্ঠানটিত উপস্থিত থাকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা প্ৰাণজিৎ আগৰৱালা আৰু তেখেতৰ সহধৰ্মিনী ৰাজশ্ৰী আগৰৱালা, নটসূৰ্য্য ফণী শৰ্মাৰ পুত্ৰ সুৰজিৎ শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ পুত্ৰ শংকৰ প্ৰতিম বৰুৱা ৷ ভোলা কটকীৰ ওপজা দিনৰ এনে এক শুভক্ষণত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিত হৈ পৰে ফণী শৰ্মা, জ্যোতিপ্ৰসাদ আগৰাৱালা, বিষ্ণু প্ৰসাদ ৰাভাৰ পৰিয়ালবৰ্গ ৷

লগতে পঢ়কঃগুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেতা বিবেক অৱেৰয়

Intro:
চতিয়া,21 জানুৱাৰী:-প্ৰগতিশীল মনৰ আৰু প্ৰগতিশীল চিন্তাধাৰাৰ এজন ব্যক্তি হৈছে জামুগুৰিহাটৰ ভ্ৰাম্যমাণ নাট্য জগতৰ পিতামহ স্বৰূপ,প্ৰবীন চলচিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কটকী৷এই মন্তব্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ৷অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম উন্মেষৰ উদ্যোগত জামুগুৰিহাটৰ বাপুজী ভৱনত সোমবাৰে বিয়লি অনুষ্ঠিত নাট্যশিল্পী ভোলা কটকীৰ ৮৬ সংখ্যক ওপজা দিন উপলক্ষে হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ সভাত শিল্পীগৰাকীক অনুষ্ঠানটিয়ে জীৱণজোৰা সাধন বঁটা প্ৰদান কৰাৰ লগতে বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে ওপজা দিন উপলক্ষে শিল্পীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে৷Body:ওপজা দিন উদযাপন অনুষ্ঠানটিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা প্ৰাণজিৎ আগৰৱালা আৰু তেখেতৰ সহধৰ্মীনি ৰাজশ্ৰী আগৰৱালা,নটসূৰ্য্য ফণী শৰ্মাৰ পুত্ৰ সুৰজিৎ শৰ্মা আৰু শোণিতকোঁৱৰ গজেন বৰুৱাৰ পুত্ৰ শংকৰপ্ৰতিম বৰুৱাও উপস্থিত থকাৰ লগতে ত্ৰিমুৰ্ত্তিৰ উপস্থিতিত ত্ৰিমুৰ্ত্তিৰ সান্মিধ্য লাভ কৰা ভোলা কটকীৰ ওপজা দিনৰ এনে মুহুৰ্তত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিতও হৈ পৰিছে ফণী জ্যোতি-বিষ্ণু-ফণি শৰ্মাৰ4 পৰিয়াল৷
Byte1 অৰূপ শইকীয়া,মূখ্য সমন্বয়ক প্ৰজন্ম উন্মেষ৷
Byte2ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজী বোঁৱাৰী৷
বঁটা গ্ৰহণ কৰি অত্যন্ত আৱেগিক হৈ পৰা এসময়ৰ সুদক্ষ তথা সু-নিপুন অভিনেতা ভোলা কটকীয়ে জীৱণৰ বিয়লি বেলাত প্ৰজন্ম উন্মেষৰ পৰা লাভ কৰা এই বঁটাই তেওঁলৈ জীয়াই থকাৰ প্ৰেৰণা প্ৰদান কৰে বুলি উল্লেখ কৰে৷
Conclusion:Byte3 ভোলা কটকী,শিল্পী৷
উল্লেখ্য যে প্ৰজন্ম উন্মেষ নামৰ অনুষ্ঠানটোৱে চলিত বৰ্ষৰ পৰা প্ৰতিবছৰে অসমৰ সাংস্কৃতিক জগতৰ একোগৰাকীকৈ ব্যক্তিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

Pransankar bhuyan
Sootea
Etv bharat (assam)
21/1/2020
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.