ETV Bharat / sitara

‘বিগ বচ-14’ৰ খিতাপ দখল কৰিলে অভিনেত্ৰী ৰুবিণা দিলৈকে

স্বামী অভিনৱৰ সৈতে বিগ বচত প্ৰৱেশ কৰা সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিণা দিলৈকে দখল কৰিলে বিগ বচৰ বিজয়ীৰ খিতাপ ৷ কন্ঠশিল্পী ৰাহুল বৈদ্যক পৰাজিত কৰি এই খিতাপ দখল কৰে ৰুবিণাই ৷

author img

By

Published : Feb 22, 2021, 10:26 AM IST

Rubina Dilaik wins 'Bigg Boss 14'
‘বিগ বচ 14’ৰ খিতাপ দখল কৰিলে অভিনেত্ৰী ৰুবিণা দিলৈকে

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী: ‘বিগ বচ 14’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ল টেলিভিচনৰ জনপ্ৰিয় অভিনেত্ৰী ৰুবিণা দিলৈকে ৷ কন্ঠশিল্পী ৰাহুল বৈদ্যক পৰাজিত কৰি এই খিতাপ দখল কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, ৰুবিণাই স্বামী অভিনৱৰ সৈতে বিগ বচত প্ৰৱেশ কৰিছিল ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ হোৱা ৰিয়েলিটি শ্ব’টোৰ আৰম্ভণিৰে পৰাই সকলোৰে প্ৰিয় প্ৰতিযোগী হৈ পৰিছিল ৰুবিণা ৷

ৰুবিণা আৰু ৰাহুলৰ উপৰিও আন তিনিগৰাকী চূড়ান্ত প্ৰতিযোগী আছিল ক্ৰমে নিকি তাম্বোলী, অলী গোণী আৰু ৰাখী সাৱন্ত ৷ ৰাখী আছিল বিগ বচৰ চলিত সংস্কৰণৰ শ্ৰেষ্ঠ মনোৰঞ্জনকাৰী ৷

নৃত্যশিল্পী তথা অভিনেত্ৰী ৰাখীয়ে 14 লাখ টকাৰ ধনৰাশি লৈ পাঁচগৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত প্ৰথমে প্ৰতিযোগিতা খনি ত্যাগ কৰে ৷

বিগ বচৰ ফাইনেলত জ্যেষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ, অভিনেত্ৰী মাধুৰী দিক্ষিত, নৌৰা ফতেহীয়ে বিশেষ ভূমিকাত উপস্থিত হয় ৷ এইবেলি কৰ’ণা মহামাৰীৰ বাবে জনপ্ৰিয় এই ৰিয়েলিটি শ্ব’টো কোনো প্ৰত্যক্ষ দৰ্শক নোহোৱাকৈ অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক-চেন্নাইৰ নিৰ্মাতা শংকৰৰ লগত কাম কৰিবলৈ আগ্ৰহী ৰণবীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.