চিটাৰা ডেস্ক,1 এপ্ৰিলঃ ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিছন শ্ব' ৰামায়ণ দ্বিতীয়বাৰৰ বাবে দৰ্শকৰ বাবে সম্প্ৰচাৰ হ'ল লক্ ডাউনৰ সময়ত ৷ ৰাইজৰ আহ্বানমৰ্মে পুনৰ বাৰ দেশত সম্প্ৰচাৰ হ'ল জনপ্ৰিয় টি.ভি শ্ব' ৰামায়ণ ৷
![Ramayan becomes world most watched show](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7019688_ramayan-2.jpg)
ভাল খবৰটো এয়ে যে, 16 এপ্ৰিলৰ দিনা এই শ্ব'টোৱে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে বিশ্বৰ আটাইতকৈ বেছিকৈ চোৱা শ্ব' হিচাপে ৷ বৃহস্পতিবাৰে ডি.ডি ইণ্ডিয়াই এই কথা প্ৰচাৰ কৰে টুইটাৰ যোগে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনা 7 কোটি 7 লাখ দৰ্শকে উপভোগ কৰে এই জনপ্ৰিয় ধাৰাবাহিকখন ৷ ফলত বিশ্বৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি ৰামায়ণে গঢ়িলে আটাইতকৈ বেছিকৈ চোৱা শ্ব'ৰ ৱৰ্ল্ড ৰেকৰ্ড ৷
-
WORLD RECORD!!
— Doordarshan National (@DDNational) April 30, 2020 " class="align-text-top noRightClick twitterSection" data="
Rebroadcast of #Ramayana on #Doordarshan smashes viewership records worldwide, the show becomes most watched entertainment show in the world with 7.7 crore viewers on 16th of April pic.twitter.com/hCVSggyqIE
">WORLD RECORD!!
— Doordarshan National (@DDNational) April 30, 2020
Rebroadcast of #Ramayana on #Doordarshan smashes viewership records worldwide, the show becomes most watched entertainment show in the world with 7.7 crore viewers on 16th of April pic.twitter.com/hCVSggyqIEWORLD RECORD!!
— Doordarshan National (@DDNational) April 30, 2020
Rebroadcast of #Ramayana on #Doordarshan smashes viewership records worldwide, the show becomes most watched entertainment show in the world with 7.7 crore viewers on 16th of April pic.twitter.com/hCVSggyqIE
দেশত প্ৰথমবাৰৰ বাবে এই ধাৰাবাহিকখন 1987 চনৰ 25 জানুৱাৰীৰ পৰা 1988ৰ মাজলৈকে প্ৰতি দেওবাৰে পুৱা 9 বাজি 30 মিনিটত সম্প্ৰচাৰিত হৈছিল ৷ 1987 ৰ পৰা 1988 পৰ্যন্ত ৰামায়ণ ধাৰাবাহিকখন পৃথিৱীৰ আটাইতকৈ বেছিকৈ চোৱা ধাৰাবাহিক হিচাপে গণ্য হৈছিল ৷ 2003 চনৰ জুন মাহতো ধাৰাবাহিকখনে আটাইতকৈ বেছিকৈ চোৱা মাইথ'লজিকেল ধাৰাবাহিক হিচাপে লিমকা বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছিল ৷
লগতে চাওকঃ32 বছৰীয়া হ'ল অভিনেত্ৰী অনুষ্কা শৰ্মা