ETV Bharat / sitara

আগ্ৰহী অভিনেতা-অভিনেত্ৰীক নতুন ছবিত কামৰ সুযোগ দিব প্ৰস্তুতি পৰাশৰে ? - new assamese film Rajkumari

অভিনয়ৰ প্ৰতি আপুনি আগ্ৰহী নেকি ? যদি আগ্ৰহী আপোনাৰ বাবে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কঢ়িয়াই আনিছে অভিনয়ৰ বিশেষ সুবিধা ৷ অভিনয়ৰ কোনো প্ৰমাণ পত্ৰ নহ'লেও প্ৰতিভাসম্পন্ন জনে পাব নতুন ছবি 'ৰাজকুমাৰী'ত কাম কৰাৰ সুবিধা ৷ অধিক জানিবলৈ পঢ়ক.....

prastuti parasar search new actor actress for assamese film Rajkumari
জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ
author img

By

Published : Feb 7, 2020, 8:06 PM IST

গুৱাহাটী,7 ফেব্ৰুৱাৰীঃ হিৰামণি প্ৰডাকচনৰ বেনাৰত গুনজিৎ মহন্তৰ প্ৰযোজনাৰে নিৰ্মাণ হ'ব লগা অসমীয়া ছবি ৰাজকুমাৰীৰ বাবে অভিনয়ৰ প্ৰতি আগ্ৰহী প্ৰতি গৰাকী শিল্পীক আমন্ত্ৰণ । অসমীয়া ছবিত অভিনয়ৰ বাবে সুবিধা প্ৰদান কৰিব বিচাৰিছে প্ৰস্তুতি পৰাশৰে । ছবিত অভিনয় কৰিবলৈ নালাগে কোনো অভিনয়ৰ প্ৰমাণ-পত্ৰ অথবা কোনো পৰিচালকৰ সৈতে ভাল পৰিচয় । অভিনয়ৰ দক্ষতা থাকিলেই অসমীয়া ছবিত অভিনয় কৰিব পাৰিব যিকোনো ব্যক্তিয়ে ৷ আগন্তুক ছবি 'ৰাজকুমাৰী"ৰ বাবে উপযুক্ত কলা-কুশলী বিচাৰি অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা শিল্পী সকলক সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য অহা 9 ফেব্ৰুৱাৰীত অডিচন অনুষ্ঠিত হ'ব মহানগৰীৰ ৰাজগড়স্থিত 'মা' ষ্টুডিঅ'ত । কেইটামান সংলাপৰ আৰু কেমেৰা সন্মুখিন কৰিব পৰা দক্ষতা থাকিলেই এই ছবিত অভিনয়ৰ সুযোগ দিয়াৰ কথা ক'লে প্ৰস্তুতি পৰাশৰে ।

জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

লক্ষণীয় কথা যে, অসমীয়া ছবিৰ বাবে এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিল্পী বিচৰাৰ নজিৰ এয়াই প্ৰথম । চলিত বৰ্ষত মুকলি হব লগা ছবিখনৰ শ্বুটিংৰ কাম অতি সোনকালেই আৰম্ভ হ'ব গতিকে এই ছবিৰ বাবে ইচ্ছুক কলা -কুশলীয়ে প্ৰস্তুতি পৰাশৰে কোৱাৰ দৰে কৰিলে ৰাজকুমাৰী ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিব ।
লগতে পঢ়কঃমোৰ প্ৰথমটো গানৰ শ্বুটিঙৰ জৰিয়তে মই ডাঙৰ অভিজ্ঞতা অনুভৱ কৰিছোঁঃ মানুষী চিল্লাৰ

Intro:হিৰামণি প্ৰডাকচনৰ বেনাৰত গুনজিত মহন্তৰ প্ৰযোজনাৰে নিৰ্মাণ হব লগা অসমীয়া ছবি ৰাজকুমাৰীৰ বাবে অভিনয়ৰ প্ৰতি আগ্ৰহী প্ৰতি গৰাকী শিল্পীক আমন্ত্ৰণ। ৰাজকুমাৰী ছবি খনত অভিনয়ৰ সুযোগ লাভ কৰিব কিন্তু কেনেকৈ ?

Body:অসমীয়া ছবিত অভিনয়ৰ বাবে সুবিধা প্ৰদান কৰিব বিচাৰিছে প্ৰস্তুতি পৰাশৰে । ছবিত অভিনয় কৰিবলৈ নালাগে কোনো চাৰ্টিফিকেট অথবা কোনো পৰিচালকৰ সৈতে ভাল পৰিচয়। অভিনয়ৰ দক্ষতা থাকিলেই কৰিবলৈ পাব অসমীয়া ছবিত এতিয়া অভিনয়।" ৰাজকুমাৰী" ছবিৰ বাবে উপযুক্ত কলা কুশলী বিচাৰি অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা শিল্পী সকলক সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য অহা 9 ফেব্ৰুৱাৰীত মহানগৰীৰ ৰাজগড় স্থিত 'মা' ষ্টুডিঅত। কেইটামান সংলাপৰ আৰু কেমেৰা সন্মুখীন কৰিব পৰা দক্ষতা থাকিলেই এই ছবিত অভিনয়ৰ সুযোগ দিয়াৰ কথা কলে প্ৰস্তুতি পৰাশৰে।
Bite:- প্ৰস্তুতি

Conclusion:অসমীয়া ছবিৰ বাবে এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শিল্পী বিচৰাৰ নজিৰ এয়াই প্ৰথম। চলিত বৰ্ষত মুকলি হব লগা ছবি খনৰ চুটিংৰ কাম অতি সোনকালেই আৰম্ভ হব গতিকে এই ছবিৰ বাবে ইচ্ছুক কলা কুশলীয়ে প্ৰস্তুতি পৰাশৰে কোৱাৰ দৰে কৰিলে ৰাজকুমাৰী ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.