চিটাৰা ডেস্ক , ১ অক্টোবৰ : কানাড়া টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সৌজন্যাৰ(Kannada small-screen actor Soujanya) ৰহস্যজনক মৃত্যুৱে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে বেংগালুৰু চহৰৰ উপকণ্ঠৰ ডড্ডাবেলে গাঁৱৰ ওচৰত থকা এটা এপাৰ্টমেণ্টত সন্দেহজনক অৱস্থাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । তদন্তৰ সময়ত আৰক্ষীয়ে চাৰি পৃষ্ঠাজোৰা চুইচাইড নোট উদ্ধাৰ কৰে । কিন্তু , আৰক্ষীয়ে এই পৰ্যন্ত কানাড়া টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ প্ৰকাশ কৰা নাই ।
আৰক্ষীয়ে উদ্ধাৰ কৰা চুইচাইড নোটত সৌজন্যাই তেওঁ মানসিক অশান্তিত ভুগি থকা বুলি উল্লেখ কৰিছে ৷ এই অশান্তিকৰ পৰিস্থিতিৰে যুঁজ দিবলৈ তেওঁ অপাৰগ বুলি জানিবলৈ দি অভিনেত্ৰীয়ে গৰাকীয়ে মানসিক অস্থিৰতাকে মৃত্যুৰ কাৰণ বুলি উল্লেখ কৰিছে যদিও আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ কাৰণ নিশ্চিত কৰা নাই । চুইচাইড নোটত সৌজন্যই লিখিছিল "এনে সিদ্ধান্ত লোৱাৰ বাবে মই সঁচাকৈয়ে দুঃখিত । দেউতা মই আপোনাক বহুত ভাল পাওঁ" ।
এই কঠিন সময়ৰে সৈতে যুঁজ দিয়াতো তেওঁৰ বাবে জটিল হৈ পৰিছে বুলিও অভিনেত্ৰীগৰাকীয়ে চুইচাইড নোটটোত উল্লেখ কৰে । মাতৃৰ পৰাও ক্ষমা বিচৰাৰ লগতে দেউতাকক মাতৃৰ যত্ন ল'বলৈ তেওঁ আহ্বান জনায় ।
উল্লেখ্য যে, শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাত আৰক্ষীক এই আত্মহত্যাৰ ঘটনাৰ বিষয়ে অৱগত কৰা হৈছিল ৷ বিগত প্ৰায় ডেৰ বছৰ ধৰি অভিনেত্ৰীগৰাকী এটা এপাৰ্টমেণ্টত অকলে বাস কৰি আহিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সমগ্ৰ ঘটনা আত্মহত্যা হিচাপে পোহৰলৈ আহিছে যদিও ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোষ্টমৰ্টেম ৰিপৰ্টৰ পাচতহে জানিব পৰা যাব ৷
লগতে পঢ়ক: মুক্তিলাভৰ 5 টা বছৰ সম্পূৰ্ণ MS Dhoni: The Untold Story ৰ