চিটাৰা ডেস্ক, 24 আগষ্ট: সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত থকাৰ সময়তে বহুচৰ্চিত ক’মেডী শ্ব’ দ্যা কপিল শৰ্মা শ্ব’ বৰ্জনৰ দাবী উত্থাপন কৰিছে সুশান্তৰ অনুৰাগীসকলে ৷ কিয়নো এই ক’মেডী শ্ব’ৰ প্ৰডাকচন টীমত চুপাৰষ্টাৰ চলমান খানো জড়িত হৈ আছে ৷
সোমবাৰে Justice For Sushant Singh Rajput #SSR নামৰ এটা ফেচবুক গ্ৰুপে সকলো সদস্যকে সম্পূৰ্ণৰূপে ‘দ্যা কপিল শৰ্মা শ্ব’ বাতিল কৰিবলৈ আহ্বান জনায় ৷
ইয়াৰ লগতে 91,000 জন সদস্য সাঙুৰি লোৱা এই ফেচবুক গ্ৰুপটোৱে উল্লেখ কৰে যে, ‘দ্যা কপিল শৰ্মা শ্ব’ৰ সহ প্ৰযোজক হিচাপে অভিনেতা চলমান খান জড়িত হৈ আছে ৷ গতিকে চলমান খানৰ ছবিসমূহ বৰ্জন কৰাৰ লগতে তেওঁ জড়িত হৈ থকা সকলো শ্ব’ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুশান্তৰ অনুৰাগীসকলে ৷ সেয়েহে সকলো সুশান্ত অনুৰাগীকে এই কমেডী শ্ব’টো বৰ্জন কৰিবলৈ গ্ৰুপটোৱে আহ্বান জনায় ৷
লগতে পঢ়ক: কৌন বনেগা কৰোড়পতিৰ শ্বুটিঙলৈ উভতিছে বিগ বি