ETV Bharat / sitara

ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’

author img

By

Published : Jul 29, 2021, 4:25 PM IST

ৰাষ্ট্ৰীয় টেলিভিশ্বন চেনেল (National Television) কালাৰ্চ টিভি (ColorsTV)ত সম্প্ৰচাৰ হ’বলগীয়া ‘Nima Denzongpa’ নামৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ অভিনেত্ৰী সুৰভী দাসে(Surabhi Das) ৷ বুধবাৰে ছ’চিয়েল মিডিয়াযোগে ধাৰাবাহিকখনৰ ট্ৰেইলাৰ (Trailer) মুকলি কৰিছে কালাৰ্চে ৷ লগতে সুৰভীয়েও তেওঁৰ ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে ট্ৰেইলাৰটো ৷ ধাৰাবাহিকখনৰ কাহিনী মূলতঃ উত্তৰ-পূৱৰ এগৰাকী সাধাৰণ ছোৱালীৰ জীৱনৰ আধাৰত সজাই তোলা হৈছে ৷

surabhi das in nima denzongpa
Nima Denzongpaত সুৰভী দাস

চিটাৰা ডেস্ক, 29 জুলাই : ৰাজ্যত চলি থকা কেইবাটাও সংঘাতৰ মাজতে অসমবাসীৰ বাবে এক সুখবৰ ৷ ৰাষ্ট্ৰীয় টেলিভিশ্বন(National Television)ত স্থান পাইছে অসমৰ এগৰাকী অভিনেত্ৰীয়ে ৷ শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্বন চেনেল কালাৰ্চ টিভিত (ColorsTV) সম্প্ৰচাৰ হ’বলগীয়া ‘Nima Denzongpa’ নামৰ ধাৰাবাহিকখনত দেখিবলৈ পাব অসমৰ অভিনেত্ৰী সুৰভী দাস (Surabhi Das)ক ৷ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ ‘নীমা’ৰ চৰিত্ৰটো ৰূপায়ণ কৰিব সুৰভীয়ে ৷

বুধবাৰে ছ’চিয়েল মিডিয়াযোগে ধাৰাবাহিকখনৰ ট্ৰেইলাৰ (Trailer) মুকলি কৰিছে কালাৰ্চে ৷ ইয়াৰ লগতে সুৰভীয়েও তেওঁৰ ইনষ্টাগ্ৰামযোগে ট্ৰেইলাৰটো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷ আহিবলগীয়া এই ধাৰাবাহিকখনৰ ট্ৰেইলাৰ অনুসৰি, ইয়াৰ কাহিনীটো মূলতঃ উত্তৰ-পূৱৰ এগৰাকী সাধাৰণ ছোৱালীৰ জীৱনৰ আধাৰত সজাই তোলা হৈছে ৷ উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ছিকিম (Sikkim)ৰ এখন গাঁৱৰ নিৱাসী নীমাই কেনেদৰে মায়ানগৰী মুম্বাইত নিজকে প্ৰতিষ্ঠা কৰে, সেইধৰণে নিৰ্মাণ কৰা হৈছে ধাৰাবাহিকখনৰ কাহিনীভাগ ৷

অতীতৰ পৰাই উত্তৰ-পূৱৰ লোকসকলক লৈ দেশত এক ‘বৰ্ণ বৈষম্য’ (Racism)ৰ ভাৱ-ধাৰা প্ৰতিফলিত হোৱা দেখা যায় ৷ উত্তৰ-পূৱবাসীক ভাৰতৰ পৰিৱৰ্তে চীনৰ বুলি মন্তব্য কৰি আহিছে একাংশই ৷

ধাৰাবাহিকখনৰ কাহিনীটোও একপ্ৰকাৰ এই সমস্যাৰ ওপৰত ভিত্তি কৰি সজাই তোলা হৈছে ৷ বৰ্ণ বৈষম্যৰ বলি হৈ প্ৰেমৰ বাবে মুম্বাইলৈ যোৱা নীমাই কেনেদৰে সন্মুখীন হ’ব এনেধৰণৰ সমস্যাৰ তথা এনেধৰণৰ মন্তব্যৰ ৷ মুম্বাইবাসীয়ে আদৰি ল’বনে নীমাক? ট্ৰেইলাৰটোৰ অন্তত এইদৰে প্ৰশ্ন কৰিছে নীমাই ৷ ট্ৰেইলাৰটো শ্বেয়াৰ কৰাৰ পাচতে সমগ্ৰ অসমবাসীয়ে অভিনন্দন আৰু শুভেচ্ছাৰে ওপচাই পেলাইছে সুৰভীৰ প’ষ্ট ৷

সুৰভীক লৈ গৌৰৱ অনুভৱ কৰিছে সুৰভীৰ অনুৰাগী, জলীউডৰ তাৰকা লগতে দৰ্শকবৃন্দই ৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্বনত অভিনয় কৰিবলৈ পাই সপোন বাস্তৱ হোৱা বুলি আনন্দ প্ৰকাশ কৰে সুৰভীয়ে ৷ ইনষ্টাগ্ৰামযোগে তেওঁ লিখিছে, ‘‘সপোনবোৰ দেখিছিলো কেতিয়াবা সঁচা হ’ব বুলি, কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ ৷ শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো ৷ মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম ৷ জয় আই অসম’’ ৷

কম সময়তে অসমৰ মনোৰঞ্জন জগতত স্থান লাভ কৰা সুৰভীয়ে যাতে একেই ধৰণে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ লগতে অসমৰ নাম জিলিকাব পাৰে, তাক লৈ সকলো আশাবাদী ৷ ইটিভি ভাৰত (ETV Bharat) চিটাৰাৰ তৰফৰ পৰাও সুৰভীলৈ থাকিল অলেখ অভিনন্দন আৰু শুভেচ্ছা ৷

লগতে পঢ়ক : ছ'চিয়েল মিডিয়াত ভাইৰেল ৰিতেশ দেশমুখৰ "ঘৰৱালী" আৰু "বাহৰৱালী" ভিডিঅ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.