চিটাৰা ডেস্ক, 3 মাৰ্চঃ প্ৰবীন মাৰাঠী অভিনেতা প্ৰয়াত শ্ৰীৰাম লাগুলৈ থিয়েটাৰ এৱাৰ্ড ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ৷ মহাৰাষ্ট্ৰ চৰকাৰৰ সাংস্কৃতিক বিভাগে সাংস্কৃতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা শিল্পীসকলক 12 টা বিভিন্ন বিভাগত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে ৷ মাৰাঠী থিয়েটাৰ জগতত ‘নাট্যসম্ৰাট’ হিচাপে খ্যাত প্ৰয়াত অভিনেতাগৰাকীলৈ সোমবাৰে সাংস্কৃতিক বিভাগে ঘোষণা কৰে এই বিশেষ বঁটা ৷
চলিত বৰ্ষৰ 27 ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতাগৰাকীলৈ এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 1927 চনৰ 16 ডিচেম্বৰত সেই সময়ৰ ব্ৰিটিছ শাসনাধীষ্ঠ ভাৰতৰ বোম্বে প্ৰেছিডেন্সীত শ্ৰীৰাম লাগুৱে জন্মগ্ৰহণ কৰিছিল ৷ 2019 চনৰ 17 ডিচেম্বৰত 92 বছৰ বয়সত পুনেৰ এখন ব্যক্তিগত হাস্পতালত অভিনেতা শ্ৰীৰাম লাগুৱে শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে, তেওঁ এগৰাকী বিখ্যাত অভিনেতাৰ লগতে এগৰাকী চিকিৎসকো আছিল ৷ ভালেসংখ্যক মাৰাঠী ছবিৰ লগতে তেওঁ হিন্দী ছবিতো নিজৰ অভিনয় শৈলী বৰ্তাই ৰাখিছিল আৰু এগৰাকী নিৰ্দেশক হিচাপেও কাম কৰিছিল ৷ তেওঁ 20 খনৰো অধিক মাৰাঠী নাটকৰ নিৰ্দেশক হিচাপে কাম কৰিছিল ৷ ‘ঘৰাওঁদা’ (Gharaonda,1977),‘গান্ধী’ (Gandhi, 1982) আৰু ‘স্বয়ম্বৰ’(Swayamvar, 1980)ৰ দৰে ছবিত তেওঁৰ দুৰ্দান্ত অভিনয় প্ৰতিফলিত হয় ৷ ইয়াৰোপৰি তেওঁ ব্লকবাষ্টাৰ ‘কিশন কানহাইয়া’(Kishen Kanhaiya) নামৰ হিন্দী ছবিখনত বলীউড অভিনেতা অনিল কাপুৰৰ দেউতাকৰ ভূমিকাত অভিনয় কৰিছিল ৷
লগতে পঢ়কঃ অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ প্ৰশংসকলৈ বিশেষ অনুৰোধ দুই তাৰকাৰ