ETV Bharat / sitara

আহিবলগীয়া ৱেব চিৰিজ 'তাণ্ডৱ'ক লৈ আশাবাদী কৃতিকা কামৰা

author img

By

Published : Dec 30, 2020, 4:32 PM IST

অভিনেত্ৰী কৃতিকা কামৰা বৰ্তমান আহিবলগীয়া ৱেব চিৰিজ 'তাণ্ডৱ' ৰ কামত ব্যস্ত । ২০২১ চনৰ ১৫ জানুৱাৰীত এমাজ'ন প্ৰাইম ভিডিঅ’ত 'তাণ্ডৱ'ৰ প্ৰিমিয়াৰ মুকলি কৰা হ'ব ।

কৃতিকা কামৰাৰ আহিবলগীয়া ৱেব চিৰিজ 'তাণ্ডৱ'

চিটাৰা ডেস্ক, ৩০ ডিচেম্বৰ : অভিনেত্ৰী কৃতিকা কামৰাই তেওঁৰ আহিবলগীয়া ৱেব চিৰিজ 'তাণ্ডৱ' সম্পৰ্কে কয় যে, ছবিখনত ভিন্নধৰ্মী চৰিত্ৰত কৰা অভিনয়ে দৰ্শকক আকৰ্ষিত কৰিব । কাষ্টিং কোম্পানীৰ পৰা মোলৈ অহা ফোনকল আহিছিল । ছবিখনৰ অ’ডিশ্ব্যনৰ প্ৰস্তুতৰ বাবে দুখন স্ক্ৰিপ্ট দিয়া হৈছে । স্ক্ৰিপ্টকেইখন পঢ়িয়েই মই অভিনয়ৰ বাবে আকৰ্ষিত হৈছিলো আৰু অ’ডিশ্ব্যন দিবলৈ সিদ্ধান্ত লৈ পেলাইছো । আলী আব্বাচ জাফৰৰ নিৰ্দেশত পৰিচালিত হোৱা ছবিখনত অভিনয় কৰিবলৈ পালে নিশ্চয়কৈ এক সুন্দৰ অভিজ্ঞতা হ'ব মোৰ বাবে । ছবিখনৰ দুটা অ’ডিশ্ব্যনৰ পাচত লেখক গৌৰৱ চৌলাংকিৰ লিখনিত আপ্লুত হৈ পৰিছিলো । তেওঁৰ লিখনি ব্যতিক্ৰমী আৰু আকৰ্ষণমূলক । যাৰবাবে মই ছবিখনত অভিনয় কৰিবলৈ সন্মতি দিছিলো' ।

আলী আব্বাচ জাফৰৰ নিৰ্দেশত পৰিচালিত এই ছবিখনে নটা ৰাজনৈতিক খণ্ডত চেইফ আলী খান, দিম্পল কাপাড়িয়া, টিগমাঞ্চু ঢুলীয়া আৰু সুনীল গ্ৰভাৰে অভিনয় কৰিছে । পৰিচালক জাফৰে হিমাংশু কিষাণ মেহৰাৰ সৈতে এই ৱেব চিৰিজখনৰ কাম কৰিছে । এই ছবিখনে দৰ্শকৰ মনত এক স্থান দখল কৰিব । উল্লেখযোগ্য যে অহা বছৰ অৰ্থাৎ ২০২১ চনৰ ১৫ জানুৱাৰীত 'তাণ্ডৱ'ৰ প্ৰিমিয়াৰ এমাজ'ন প্ৰাইম ভিডিঅ'ত মুকলি কৰ হ'ব ।

লগতে পঢ়ক: ৰাজস্থানত আলিয়া ভাটক আঙুঠি পিন্ধাব ৰণবীৰে!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.