ETV Bharat / sitara

মুক্তি পালে কাঞ্চনজংঘা : জুবিন অনুৰাগীৰ হৰ্ষোল্লাস ! - জুবিন অনুৰাগী

কাঞ্চনজংঘাৰ মুক্তিৰ পিচতে আনন্দিত হৈ পৰিছে জুবিন অনুৰাগীসকল ৷

জুবিন অনুৰাগীৰ হৰ্ষোল্লাস
author img

By

Published : Sep 6, 2019, 4:10 PM IST

নিউজ ডেক্স,6 ছেপ্টেম্বৰঃ শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি পালে জুবিনৰ কাঞ্চনজংঘা ৷ ছবিখনৰ মুক্তিৰ পিচতেই আনন্দিত হৈ পৰিছে জুবিন অনুৰাগীসকল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

জুবিন অনুৰাগীৰ হৰ্ষোল্লাস

নিউজ ডেক্স,6 ছেপ্টেম্বৰঃ শুকুৰবাৰে ৰাজ্যজুৰি মুক্তি পালে জুবিনৰ কাঞ্চনজংঘা ৷ ছবিখনৰ মুক্তিৰ পিচতেই আনন্দিত হৈ পৰিছে জুবিন অনুৰাগীসকল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৷

Intro:এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈৰ দুৰৱস্থাৰ জীয়া কাহিনী। আৰ্থিক দুৰৱস্থাৰ বাবে পদপথত চানা বিক্ৰী কৰি জীৱিকা অর্জন ৰাষ্ট্ৰীয় খেলুৱৈৰ। চৰকাৰী চাকৰিৰ বাবে যোগ্যতা অর্জন কৰিও বঞ্চিত সবলগীয় হৈছিল খেলুৱৈ গৰাকী। প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিও নাপালে কোনো সুফল। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।


Body:আৰ্থিক সংকটত এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ।
পদপথত চানা বিক্ৰী কৰি জীৱিকা অর্জন।
vo. ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব দিয়া বুলি ঢাক ঢোল কোবোৱা সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ দিনতেই আৰ্থিক দৈন্যতাত ভুগিছে এগৰাকী ৰাষ্ট্রীয় খেলুৱৈ। চাওক এই দৃশ্য। পদপথত বিক্ৰী কৰি আছে চানা। চানা বিক্ৰী কৰি থকা এই লোকজন এগৰাকী ৰাষ্ট্রীয় খেলুৱৈ। নাম কাঞ্চন ছাহ। পুৱাৰে পৰা প্ৰস্তুতি চলাই সন্ধিয়া বিক্ৰী কৰে চানা। ৰাষ্ট্রীয় পৰ্য্যায়ৰ বাস্কেট বল খেলুৱৈ এইগৰাকী কাঞ্চন ছাহ। দেশৰ বিভিন্ন প্ৰান্তত বাস্কেট বল খেলি সুখ্যাতি অর্জন কৰিছিল এইগৰাকী কাঞ্চন ছাহে। কিন্তু বৰ্তমান আৰ্থিক দুৰৱস্থাই কোঙা কৰিছে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এইগৰাকী খেলুৱৈক। পৰিয়াল পোহপাল দিবলৈ নাই কোনো উপায়। যাৰ বাবে এতিয়া পদপথত এনেদৰে চানা বিক্ৰী কৰি পোহপাল দিবলগীয়া হৈছে পৰিয়াল। ককায়েক, ভায়েক সহ পৰিয়ালটোৰ মুঠ ৯ জনকৈ সদস্য এতিয়া নিৰ্ভৰশীল একমাত্ৰ এই চানা দোকানৰ ওপৰত।
bite.
vo. ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এইগৰাকী খেলুৱৈ কাঞ্চন ছাহে চৰকাৰী চাকৰি বিচাৰি আবেদন কৰিছিল ২০০৫ চনতে। অসম চৰকাৰৰ আবকাৰী বিভাগত কনিষ্টবল চাকৰিৰ বাবে আবেদন জনোৱাৰ পিছত যোগ্যতা অর্জন কৰিও বঞ্চিত হবলগীয়া হৈছিল এইগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ। ৰাজনৈতিক হস্তক্ষেপৰ বাবেই সেই সময়ত চাকৰিৰ পৰা বঞ্চিত হৈ ন্যায় বিচাৰি হাহাকাৰ কৰিছিল এইগৰাকী কাঞ্চন ছাহে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে ন্যায় বিচাৰি তদানীন্তন ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীলৈ পত্ৰও লিখিছিল ৰাষ্ট্ৰীয় খেলুৱৈ কাঞ্চন ছাহে।
bite.


Conclusion:ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক গুৰুত্ব প্ৰদান কৰা বুলি ঢাক ঢোল কোবোৱা সোনোৱাল চৰকাৰৰ দিনতে আৰ্থিক দুৰৱস্থাৰ বাবে এতিয়া এনেদৰে চানা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় খেলুৱৈয়ে। এইগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈলৈ সু দৃষ্টি পৰিব নে চৰকাৰ তথা বৰমূৰীয়াৰ।
------------------------------;;;;;;-------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
৬-৯-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.