ETV Bharat / sitara

চলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী

author img

By

Published : Feb 12, 2020, 4:42 PM IST

চলমান খানক লগ পোৱাৰ হেঁপাহেৰে জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেলেৰে যাত্ৰা কৰিছে 56 বছৰীয়া ভূপেন লিকচনে ৷

চলমানখানৰ অনুৰাগী
চলমানখানৰ অনুৰাগী

কলিয়াবৰ,12 ফেব্ৰুৱাৰীঃ চলমান খানৰ এজন অসমীয়া অনুৰাগী ৷ চলমানখানক জীৱনত এবাৰ লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ তেওঁৰ ৷ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ এৱাৰ্ডত চলমান খান আহিব বুলি জানিব পাৰি ভূপেন লিকচন নামৰ 56 বছৰীয়া অনুৰাগী গৰাকীয়ে চলমান খানক লগ পাবৰ বাবে জাগুনৰ পৰা গুৱাহাটীলৈ কৰিছে চাইকেলেৰে যাত্ৰা ৷ বয়সে ম্লান কৰিব পৰা নাই ভূপেন লিকচনৰ মনৰ হেঁপাহ ৷ এইবাৰ পূৰণ হ'ব তেওঁৰ মনৰ এই বিশেষ হেঁপাহ কাৰণ অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই চলমান খানৰ সৈতে ভূপেন লিকচনক লগ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে ৷ গতিকে আনন্দতে ভূপেন লিকচনে চাইকেলেৰেই যাত্ৰা আৰম্ভ কৰিলে যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে। চাইকেল চলাই ভাল পোৱা ভূপেন লিকচনৰ আশা চাইকেল চলাই কৰিব এদিন গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড

লগতে পঢ়কঃ পাঁচশ নাচনীৰ বিহু নৃত্যত উখল-মাখল নগাঁৱৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.