ETV Bharat / sitara

বাদছাহে নকল কৰিছিল নেকি "গেণ্ডা ফুল" গীতটি ? - 80 বছৰীয়া সংগীতশিল্পী ৰতন লহকৰ

বেংগলী লোকসংগীত শিল্পী ৰতন কহাৰৰ যথেষ্ট পুৰণি গীত " বড়ো লোকৰ বেটী ল' " গীতটিৰ পৰা গেণ্ডা ফুল গীতটো নকল কৰাৰ অভিযোগ উঠিছে ৷ এই অভিযোগ সন্দৰ্ভত বাদছাহে কি স্পষ্টীকৰণ দিলে, জানিবলৈ পঢ়ক সম্পূৰ্ণ বাতৰিটো ৷

i want badshah to visit me and help me boroloker biti lo creator ratan lahkar
বাদছাহে নকল কৰিছিল নেকি গেণ্ডা ফুল গীতটি ?
author img

By

Published : Apr 3, 2020, 12:49 PM IST

চিটাৰা ডেস্ক,3 এপ্ৰিলঃ সম্প্ৰতি যথেষ্ট ট্ৰেণ্ডিঙত আছে জেকলিন ফাৰণাণ্ডেজ অভিনীত বাদছাহৰ গেণ্ডা ফুল গীতটি ৷ সকলোৰে মুখে মুখে এতিয়া এই নতুন গীতটি ৷ টিকটিকতো যথেষ্ট হিট হৈ উঠিছে এই বিশেষ গীতটি ৷ কিন্তু তাৰ মাজতেই বিবাদ আৰম্ভ হৈছে এই গীতটিকলৈ ৷ গীতটো নকল কৰাৰ আৰোপ বাদছাহৰ ওপৰত ৷ গীতটোৰ বাস্তৱিক নিৰ্মাতা ৰতন কহাৰক শ্ৰেয় নিদিয়াকলৈ এতিয়া অভিযোগ উঠিছে বাদছাহৰ ওপৰত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, ৰতন কহাৰ হ'ল এগৰাকী বেংগলী লোকসংগীত শিল্পী ৷ " বড়ো লোকৰ বেটী ল' " শীৰ্ষক ৰতন কহাৰৰ বেংগলী পংক্তি ব্যৱহাৰ কৰি বাদছাহে গেণ্ডা ফুল গীতটো নিৰ্মাণ কৰিছে ৷ 1972 চনতে নিৰ্মাণ হোৱা " বড়ো লোকৰ বেটী ল' " গীতটো বঙালী ভাষাৰ এটা যথেষ্ট চৰ্চিত গীত ৷

বাদছাহে গেণ্ডা ফুল গীতটোত ৰতন কহাৰক কৃতিত্ব নিদিয়াৰ বাবে এতিয়া গীতটো চুৰ কৰাৰ অভিযোগ উঠিছে ৷ ইয়াক লৈ চ'ছিয়েল মিডিয়াত যথেষ্ট চৰ্চাও চলিছে ৷

এই সকলোবোৰৰ স্পষ্টীকৰণত বাদছাহে কয় যে, তেওঁ ৰতন কহাৰক সংযোগ কৰাৰ বহুত চেষ্টা কৰিছিল কিন্তু দেশত চলি থকা লক ডাউনৰ বাবে এইটো সম্ভৱ নহ'ল ৷

ইফালে দ্বিগজ লোকসংগীত শিল্পীগৰাকী বৰ্তমান পশ্চিমবংগৰ বীৰভুম জিলাৰ চিওৰি অঞ্চলত কোনোমতে দৰিদ্ৰতাৰ সৈতে যুঁজি নিজৰ জীৱন নিৰ্বাহ কৰি আছে ৷ বয়স বাঢ়ি অহাৰ লগে লগে সংগীত শিল্পীগৰাকীৰ যথেষ্ট স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হৈছে ৷

80 বছৰীয়া সংগীতশিল্পী ৰতন লহকৰে যেতিয়া জানিব পাৰিলে যে, বাদছাহৰ দৰে তাৰকা এগৰাকীয়ে তেওঁৰ গানৰ কৃতিত্ব দিবৰ বাবে তেওঁক বিচাৰি ফুৰিছে, তেতিয়া তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এইদৰে, " বহুত ভাল লাগিছে যে তেওঁৰ দৰে এগৰাকী বিখ্যাত তাৰকাই মোৰ গান ব্যৱহাৰ কৰিছে ,লগতে মোক সহায় কৰাৰো ইচ্ছা প্ৰকাশ কৰিছে ৷ মই তেওঁৰ ভিডিঅ'টো চাইছো , মোৰ যথেষ্ট ভাল লাগিছে ৷ "

তেওঁ কয় যে, " আশা কৰো ,বাদছাহে মোক সহায় কৰিব ৷ মই তেওঁৰ পৰা অলপমান আৰ্থিক সহায় আশা কৰিছো ৷ মই যথেষ্ট দৰিদ্ৰতাৰ মাজত জীয়াই আছো ৷ তেওঁৰ পৰা অলপ সহায় পালে মই যথেষ্ট সুখী হ'ম ৷"

ইয়াৰোপৰি তেওঁ কয়," মই বিচাৰো বাদছাহে মোক লগ কৰক আৰু কথা পাতক ৷ মই প্ৰথমে মোৰ গানটো ব্যৱহাৰ কৰাৰ বাবে তেওঁক ধন্যবাদ জনাম আৰু যদি তেওঁৰ সময় হয় মই তেওঁৰ লগত সংগীতৰ ওপৰত চৰ্চা কৰিবলৈ পালে যথেষ্ট ভাল পাম ৷"

লগতে পঢ়কঃই টি ভি ভাৰতৰ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতামূলক গীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.