চিটাৰা ডেস্ক,10 ফেব্ৰুৱাৰীঃ ঘোষণা হ'ল হলীউডৰ সৰ্বোচ্চ বঁটা প্ৰদান অনুষ্ঠান ৷ আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত দেওবাৰৰ পৰা অনুষ্ঠিত হৈ আছে এই 92 সংখ্যক অস্কাৰ সমাৰোহ ৷ এই সমাৰোহত উপস্থিত হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় তাৰকাসকল ৷ চাওঁ আহক কোন কোন জিলিকিল 92 সংখ্যক অস্কাৰতঃ
বেষ্ট চাপৰ্টিং এক্টৰৰ খিতাপ লাভ কৰিছে ব্ৰেড পিটে ৷ তেওঁ ওৱান্স আপোন এ টাইম ইন হলীউড নামৰ ছবিখনৰ বাবে লাভ কৰে এই বিশেষ খিতাপ ৷
বেষ্ট চাপৰ্টিং এক্ট্ৰেছৰ খিতাপ লাভ কৰে লাৰা ডৰ্ণ এ ৷ তেওঁ মেৰীজ ষ্টৰী নামৰ ছবিখনৰ বাবে লাভ কৰে এই বিশেষ খিতাপ ৷
বেষ্ট এক্টৰ ইন লিডিং ৰ'লৰ সন্মান লাভ কৰে ৱাকিন ফিনিক্সে ৷ জকাৰ ছবিখনত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ লাভ কৰে এই বিশেষ সন্মান ৷
বেষ্ট এক্ট্ৰেছ ইন লিডিং ৰ'লৰ খিতাপ লাভ কৰে ৰেণে জেলৱেগৰে ৷
1917 নামৰ ছবিখনে লাভ কৰে বেষ্ট চাউণ্ড মিক্সিঙৰ খিতাপ ৷
বেষ্ট চাউণ্ড এডিটিঙৰ খিতাপ লাভ কৰে ড'নাল্ড চিলভেষ্টৰে ৷ ফোৰ্ড এণ্ড ফেৰাৰী নামৰ ছবিখনৰ বাবে তেওঁ লাভ কৰে এই বিশেষ খিতাপ ৷
বেষ্ট ডকুমেন্টৰী, চৰ্ট চাবজেক্টৰ খিতাপ লাভ কৰে লাৰ্নিং টু স্কেটবোৰ্ড ইন এ ৱাৰজনৰ বাবে হম ইউ আৰু এ গাৰ্লে ৷
বেষ্ট কষ্টিউম ডিজাইনাৰৰ খিতাপ অৰ্জন কৰে জেকলীন ডুৰনে , ছবি লিটল ওমেনৰ বাবে ৷
বেষ্ট প্ৰডাকছন ডিজাইনাৰৰ খিতাপ লাভ কৰে বাৰবৰা লিংগে , ছবি আপোন এ টাইম ইন হলীউডৰ বাবে ৷
পেৰাছাইট ছবিৰ বাবে বেষ্ট ছেট ডেক'ৰেচনৰ খিতাপ লাভ কৰে নেন্সী হাইয়ে ৷
দক্ষিণ কোৰিয়াৰ চিত্ৰনাট্যকাৰ ওৱং জুন হ' আৰু হান জিন হ'ৰ ছবি পেৰাছাইটলৈ আগবঢ়োৱা হয় বেষ্ট অৰিজিনেল স্ক্ৰীণ প্লেৰ অস্কাৰ ৷
টাইকা ৱেটটী প্ৰযোজিত জোজো ৰেবিট নামৰ ছবিখনে লাভ কৰিছে বেষ্ট এডাপ্টেড স্ক্ৰীণ প্লেৰ অস্কাৰ ৷
দ্য নেইবাৰ্ছ উইনড নামৰ ছবিখনে লাভ কৰিছে বেষ্ট লাইভ ছৰ্ট ফিল্ম খিতাপ ৷
জয় ষ্টৰী 4 ছবিখনে লাভ কৰিছে বেষ্ট এনিমেটেড ফিচাৰ ফিল্মৰ অস্কাৰ ৷
লগতে বেষ্ট এনিমেটেড ছৰ্ট ফিল্মৰ অস্কাৰ লাভ কৰে হেয়াৰ লাভ এ ৷
লগতে পঢ়কঃৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী