চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : "পেডেল মাৰি মাৰি" শীৰ্ষক গানটোৰে চৰ্চা লাভ কৰা এগৰাকী অভিনেত্ৰী ৷ বিভিন্ন ভিডিঅ’ গীতত কৰা অভিনয়ৰে সময়ে সময়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছিল তেওঁ ৷ নিজৰ Jolly Nature টোৰে সহজেই সকলোকে আপোন কৰি পেলাব পৰাকৈ মৰমিয়াল তেওঁ ৷ যাৰ নাম শুনিলেই অসমৰ যুৱকসকলৰ মুখত স্বতঃস্ফূৰ্তভাৱে হাঁহি বিৰিঙি আহে, সেইগৰাকী অভিনেত্ৰীয়ে হৈছে অমৃতা গগৈ ৷ অমৃতাই সুকলমে পাৰ কৰিলে জীৱনৰ 29 টা বসন্ত (Amrita Gogoi Turns 30 today) ৷
শিৱসাগৰত জন্মগ্ৰহণ কৰা অমৃতাই বৰপাত্ৰ হাইস্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি উচ্চ শিক্ষাৰ বাবে মহানগৰী গুৱাহাটীত থিতাপি গ্ৰহণ কৰে ৷ কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অমৃতাই উচ্চ শিক্ষা গ্ৰহণ কৰাৰ অন্তত অভিনয় জগতত ভৰি দিয়ে ৷
বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ‘অহেতুক’ ছবিৰে 2015 চনত অসমীয়া ছবি জগতত প্ৰথম খোজ পেলায় অমৃতা গগৈয়ে ৷ 2016-17 বৰ্ষত হেঙুল থিয়েটাৰত কৰা অভিনয়েৰে ভ্ৰাম্যমান থিয়েটাৰত প্ৰৱেশ কৰে অমৃতাই ৷ ‘অহেতুক’ ৰ বাবে Best Actor Female Category ত Parg cine Awards North-East 2015 ত বঁটা লাভ কৰিছিল অমৃতাই ৷
অমৃতাই অভিনয় কৰা আনকেইখনমান অসমীয়া ছবি হ’ল দূৰ, ছয়গাঁৱৰ চম্পা, কোঁৱৰপুৰৰ কোঁৱৰ আৰু নিজানৰ গান ৷ তেওঁৰ প্ৰথমখন অসমীয়া ধাৰাবাহিক ‘ৰাগিনী’য়ে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল ৷
অসমীয়া খাদ্য খাই ভালপোৱা অমৃতাৰ প্ৰিয় অভিনেতা উৎপল দাস আৰু ৰণবীৰ সিং ৷ অভিনেত্ৰী ৰিম্পী দাস আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ অনুৰাগী অমৃতা ৷ মুম্বাই আৰু গোৱা অমৃতাৰ Favourite Holiday Destination ৷ অভিনয়ৰ সমান্তৰালকৈ নৃত্য শিল্পী আৰু ঘোষিকা হিচাপেও অমৃতা সকলোতে সমাদৃত ৷
দীৰ্ঘদিনীয়া প্ৰেমিক মনদীপ কাকতিৰে বিবাহপাশত আৱদ্ধ হোৱা অমৃতাৰ এজনী কণমানি কন্যাৰে তিনিজনীয়া সুখৰ সংসাৰ ৷
লগতে পঢ়ক: New Assamese film : শীঘ্ৰেই মুক্তি পাব নতুন ছবি একলব্য