ETV Bharat / sitara

মহানগৰীত ‘দুবৰি’ এপৰ বিপনী মুকলি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ

author img

By

Published : Nov 12, 2020, 10:06 PM IST

বৃহস্পতিবাৰে মহানগৰীৰ কাহিলিপাৰাৰ জটিয়াত অনলাইন মাৰ্কেটিং এপ ‘দুবৰি’ৰ নতুন বিপনী মুকলি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ৷ 2015 চনতে কেইগৰাকীমান উদ্যমী যুৱকৰ দ্বাৰা আত্মপ্ৰকাশ হোৱা এই এপটো 20 হাজাৰৰো অধিক লোকে ব্যৱহাৰ কৰিছে ৷

Dubori Shop open by actress Barsha Rani Bishaya
‘দুবৰি’ এপৰ বিপনী মুকলি অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ

গুৱাহাটী,12 নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাৰ জটিয়াত বৃহস্পতিবাৰে অনলাইন মাৰ্কেটিং এপ ‘দুবৰি’ৰ নতুন বিপনী মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৷ এই মুকলি অনুষ্ঠানত এপটোৰ ব্ৰেণ্ড এম্বেছাদৰ বৰষাৰাণী বিষয়াৰ সহযোগী হিচাপে থাকে জনপ্ৰিয় অসমীয়া ক’মেডী ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী পাৰবিন চুলতানা আৰু অভিনেতা প্ৰীতম বৰুৱা ।

উল্লেখ্য যে,2015 চনতে কেইগৰাকীমান উদ্যমী যুৱকৰ দ্বাৰা আত্মপ্ৰকাশ হোৱা ‘দুবৰি’ নামৰ এপটোৰ জৰিয়তে সমগ্ৰ গুৱাহাটীতে নিত্য ব্যৱহাৰ্য সা-সামগ্ৰী বিতৰণ কৰা হৈছে । দুবৰিৰ স্বত্বাধিকাৰীকেইগৰাকীৰ হৈ সূৰজ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, লকডাউনৰ সময়ছোৱাত অসমত প্ৰথমগৰাকী কৰ’ণা ৰোগী চিনাক্ত হোৱা মহানগৰীৰ জু-ৰোডস্থিত স্পেনিছ গাৰ্ডেনত দুবৰিৰ জৰিয়তে কোৱাৰেণ্টাইনত থকা আৱাসীসকলক খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছিল ৷

সম্প্ৰতি 20 হাজাৰৰো অধিক লোকে ব্যৱহাৰ কৰা ‘দুবৰি’ এপটোৰ জৰিয়তে দৈনিক শতাধিক অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰোপৰি এই এপটোৰ জৰিয়তে বহুকেইগৰাকী নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : দীপাৱলীৰ প্ৰাক ক্ষণত কি কি নীতি নিৰ্দেশনা জাৰি কৰিলে নগাঁও প্ৰশাসনে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.