গুৱাহাটী,27 মাৰ্চঃ ৰাইজক সজাগ হ'বলৈ বাৰম্বাৰ প্রশাসনে অনুৰোধ জনোৱাৰ লগতে কণ্ঠ শিল্পী দীপলিনা ডেকাই অনুৰোধ কৰিলে ৰাইজক সজাগ হ'বলৈ। দীপলিনা ডেকাই জানিবলৈ দিয়া অনুসৰি লক ডাউনৰ দিন কেইটাক ৰাইজে কোনো বন্ধৰ দিন বুলি উদযাপন কৰিছে একেবাৰে সহজ ভাৱে। কেৰম খেলা,উলাই যোৱা এনেধৰণৰ কামবোৰ বাৰে বাৰে নকৰিবলৈ অনুৰোধ দীপলিনা ডেকাৰ। ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে পাচলি অথবা গেলা মালৰ দোকান খুলিবলৈ দিয়া নিৰ্দেশৰ পিছতে ৰাইজে কোনো সাৱধানতা অৱলম্বন নকৰাকৈ ওলাই আহিছে বজাৰলৈ। অসমৰ ৰাইজক এনে নকৰিবলৈ অনুৰোধ কৰাৰ লগতে প্ৰশাসনৰ সকলো নীতি নিয়ম মানি চলিবলৈ অনুৰোধ জনাইছে দীপলিনা ডেকাই ।
লগতে চাওকঃ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সংবাদমেল সম্বোধন