ETV Bharat / sitara

'বোম্বে বেগমছ'ৰ ট্ৰেইলাৰ মুকলি

author img

By

Published : Feb 15, 2021, 7:10 PM IST

মুকলি হ'ল 'বোম্বে বেগমছ'ৰ ট্ৰেইলাৰ । মুম্বাইৰ পাঁচগৰাকী আধুনিক ভাৰতীয় মহিলাৰ কাহিনী । তেওঁলোকৰ উচ্চাকাংক্ষা, ক্ষমতা আৰু ভিন্ন সংগ্ৰামৰ বিষয়বোৰৰ ওপৰত নিৰ্মিত এই 'বোম্বে বেগমছ' ।

মুকলি হ'ল 'বোম্বে বেগামছ'ৰ ট্ৰেইলাৰ
মুকলি হ'ল 'বোম্বে বেগামছ'ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: মুকলি হ'ল 'বোম্বে বেগমছ'ৰ ট্ৰেইলাৰ । সাম্প্ৰতিক সময়ত দেশত কিদৰে জীৱন সংগ্ৰাম চলায় পাঁচগৰাকী মহিলাই তেওঁলোকৰ ইচ্ছা, নৈতিকতা, ব্যক্তিগত সমস্যাৰ মাজেৰে কিদৰে লক্ষ্যত উপনীত হ'ব পাৰে তাৰ আধাৰতে নিৰ্মাণ কৰা হৈছে 'বোম্বে বেগমছ' ।

ট্ৰেইলাৰটোত সমাজৰ ভিন্ন শ্ৰেণীৰ পাঁচগৰাকী মহিলাৰ জীয়াই থকিবলৈ জীৱন সংগ্ৰাম কৰাৰ এক আভাস পোৱা গৈছে । মুম্বাইৰ পাঁচগৰাকী আধুনিক ভাৰতীয় মহিলাৰ কাহিনী । তেওঁলোকৰ উচ্চাকাংক্ষা, ক্ষমতা আৰু ভিন্ন সংগ্ৰামৰ বিষয়বোৰৰ ওপৰত নিৰ্মিত এই 'বোম্বে বেগমছ' ।

  • " class="align-text-top noRightClick twitterSection" data="">

'লিপষ্টিক আন্দাৰ মাই বুৰ্খা' খ্যাত অলংকৃতা শ্ৰীবাস্তৱে পৰিচালনা কৰা এই ৱেব চিৰিজখনত পূজা ভাট, শ্বাহানা গোস্বামী, অম্ৰুতা সুভাষ আৰু ৰাহুল বসুৱে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । সম্পূৰ্ণ নাটক ধৰ্মী এই 'বোম্বে বেগমছ' । এই ৱেব চিৰিজখনৰ জৰিয়তে অলংকৃতা শ্ৰীবাস্তৱে কৰ্ম সংস্থাপনৰ উদ্দেশ্যে মহিলাসকলে কিদৰে সংগ্ৰাম আৰু ত্যাগ কৰিবলগীয়া হয় তাকেই প্ৰতিফলিত কৰিব বিচাৰিছে বুলি কয় অলংকৃতাই ।

আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে ৮ মাৰ্চত নেটফ্লিক্সত মুক্তি লাভ কৰিব 'বোম্বে বেগমছ' ।

লগতে পঢ়ক: ভেলেণ্টাইন ডে’ৰ উপহাৰ: ৰুগীয়া পত্নীক বৃক্ক দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.