চিটাৰা ডেস্ক, 10 নৱেম্বৰ : বিগ বছ অ’টিটি(Bigg Boss OTT)ৰ প্ৰতিযোগী তথা বৰ্তমান চলি থকা বিগ বছ 15(Bigg Boss 15)ৰ Wild-Card Entry ৰাকেশ বাপত(Raqesh Bapat)ক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ৷ শ্ব’ চলি থকাৰ মাজভাগতে কিডনীত পাথৰ পৰাৰ ফলত বুকুৰ বিষ অনুভৱ কৰে আৰু ততালিকে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, 8 নৱেম্বৰত শ্ব’ত অংশগ্ৰহণ কৰি থকাৰ মাজতে ৰাকেশে বুকুৰ বিষ অনুভৱ কৰে ৷ পিছদিনাই তেওঁক শ্ব’ৰ পৰা উলিয়াই হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি মুম্বাইৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাকেশ ৷ সুস্থ হ’লে ৰাকেশে পুনৰ শ্ব’লৈ উভতি যোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷
Bigg Boss OTTত শমিতা ছেট্টী(Shamita Shetty)ৰ সৈতে থকা ৰাকেশৰ সম্পৰ্কই দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিছিল । পুনৰ বিগ বছ 15ত প্ৰৱেশ কৰা ৰাকেশক দেখি শমিতা-ৰাকেশৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছিল ৷ ৰাকেশৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ দূৰত্ব বজাই ৰাখিবলগীয়া হৈছে প্ৰেমিক যুগলে ৷
লগতে পঢ়ক : কৰণ জোহৰৰ ‘পদ্মশ্ৰী বঁটা’ক লৈ কি প্ৰতিক্ৰিয়া যমজ সন্তানৰ?