ETV Bharat / sitara

কৌন বনেগা কৰোড়পতিৰ শ্বুটিঙলৈ উভতিছে বিগ বি

‘কৌন বনেগা কৰোড়পতি’ৰ 12 নং সংস্কৰণৰ শ্বুটিঙলৈ উভতিছে বিগ বি অমিতাভ বচ্চন ৷ শ্বুটিং স্থলীৰ পৰা ইনষ্টাগ্ৰামযোগে ফটো শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে মেগাষ্টাৰ গৰাকীয়ে ৷

Big B Amitabh Bachchan returns to KBC sets for shooting
কৌন বনেগা কৰোড়পতিৰ শ্বুটিঙলৈ উভতিছে বিগ বি
author img

By

Published : Aug 24, 2020, 7:36 PM IST

চিটাৰা ডেস্ক, 24 আগষ্ট: মহামাৰী ক’ভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ পাচত বিগ বি অমিতাভ বচ্চনে সোমবাৰে তেওঁৰ বহুচৰ্চিত টেলিভিশ্যন কুইজ শ্ব’ ‘কৌন বনেগা কৰোড়পতি’ৰ বাবে শ্বুটিং আৰম্ভ কৰে ৷ শ্বুটিংস্থলীৰ পৰা তেওঁ শ্বেয়াৰ কৰা ফটোৰ জৰিয়তে এই কথা অনুমান কৰিব পৰা যায় ৷

‘কৌন বনেগা কৰোড়পতি’ৰ 12 নং সংস্কৰণৰ শ্বুটিং আৰম্ভ কৰাৰ মূহুৰ্তত মেগাষ্টাৰ বচ্চনে কলা-কুশলীৰ সৈতে ইনষ্টাগ্ৰামযোগে এখন ক’লাজ শ্বেয়াৰ কৰে ৷ এই ফটোখনত প্ৰডাকচন দলটোৱে নীলা ৰঙৰ পিপিই কিট পৰিধান কৰা পৰিলক্ষিত হয় ৷

ফটোখনৰ কেপচনত বিগ বিয়ে এইদৰে মন্তব্য দিয়ে, "It's back to work .. in a sea of blue PPE .. KBC 12 .. started 2000 .. today year 2020 .. 20 years ! Amaze .. that's a lifetime."

চলিত বৰ্ষৰ মে’ মাহত লকডাউনৰ মাজতে বিগ বিয়ে শ্ব’টোৰ শ্বুটিং আৰম্ভ কৰিছিল যদিও ক'ভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য তেওঁ ৰাখি শ্বুটিঙৰ কাম স্থগিত ৰাখিছিল ৷

লগতে পঢ়ক: এছ পি বালাসুব্ৰমণিয়ামৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.