ETV Bharat / sitara

ৰঙালী উদযাপন কৰিব নোৱাৰাৰ দুখত আৱেগিক কৃষ্ণমণি নাথ

author img

By

Published : Apr 13, 2020, 6:08 PM IST

এইবাৰ বিহুক লৈ অসমীয়াৰ মনত নাই কোনো কোনোধৰণৰ উছাহ ৷ বিহু বলিয়া ৰাইজ আৱদ্ধ নিজ নিজ গৃহত ৷ হেঁপাহৰ ৰঙালী বিহুক উদযাপন কৰিব নোৱাৰি আৱেগিক হৈ পৰিল জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথ ৷

assamese singer  krishnamani nath talks on rangali bihu
ৰঙালী উদযাপন কৰিব নোৱাৰাৰ দুখত আৱেগিক হৈ উঠিল কৃষ্ণমণি নাথ

গুৱাহাটী,13 এপ্ৰিলঃ এইবৰ্ষৰ ৰঙালী বিহুক লৈ নিজৰ বিষাদ ব্যক্ত কৰিলে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথে ৷ কাৰণ এইবেলি বিহুক লৈ অসমীয়াৰ মনত নাই পূৰ্বৰ দৰে ৰং তথা হেঁপাহ । প্ৰতি গৰাকী বিহু বলিয়া ৰাইজ আৱদ্ধ নিজ নিজ বাসগৃহত কাৰণ বৰ্তমান মানৱ জাতি ক'ৰণা মহামাৰীৰ আতংকৰ গ্ৰাসত । হেঁপাহৰ ৰঙালী বিহুক উদযাপন কৰিব নোৱাৰি আৱেগিক হৈ পৰিল কন্ঠশিল্পী গৰাকী ৷

ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু প্ৰশাসনৰ আহ্বানক সন্মান জনাই শিল্পী গৰাকীয়েও নিজৰ পৰিয়ালৰ লগত নিজ বাসগৃহত এইবেলি উদযাপন কৰিব ৰঙালী বিহু । শিল্পী গৰাকীয়ে বাসগৃহৰ সন্মুখত জাপি আৰু গামোচাৰে এইদৰে সজাই পৰাই তুলিছে । আৱেগিক হৈ শিল্পী কৃষ্ণমণি নাথে বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱাকৈ তেওঁৰে এটি বিহু গীত পৰিৱেশন কৰে অসমবাসী ৰাইজৰ বাবে ।

লগতে পঢ়কঃ অসম আৰক্ষীৰ সুন্দৰ আৰু সুৰক্ষিত বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.