গুৱাহাটী, 28 মাৰ্চঃ বিশ্ববাসী আতংকিত হৈ আছে কৰ'ণা ভাইৰাছকলৈ ৷ এই সময়ত সাধাৰণ খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি তাৰকালৈকে সকলো গৃহবন্দী হৈ আছে ৷
গৃহবন্দী হৈ আছে যদিও খুবেই ব্যস্ত হৈ আছে অভিনেত্ৰী নিশিতা গোস্বামী ৷ থাপনাৰ পৰা পাকঘৰলৈ সকলো কামতে ব্যস্ত নিশিতা গোস্বামী। ৰাতিপুৱাৰ পৰা নিজ পুত্ৰৰ সৈতে ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী ৷ ইফালে পাকঘৰত ৰান্ধিছে তেওঁ সুস্বাদু খাদ্য ৷ পাকঘৰত পৰিয়ালৰ বাবে মাছৰ টেঙা,পুত্ৰৰ বাবে পনীৰ সকলো ৰান্ধিলে অভিনেত্ৰী নিশিতা গোস্বামীয়ে। কেৱল সেয়াই নহয় নিজ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি আনন্দিত অভিনেত্ৰী গৰাকী ।
অসমৰ অৱস্থা ইটালী আৰু স্পেইনৰ দৰে যাতে নহওঁক তাৰ বাবে সকলোকে সজাগ হ'বলৈ আহ্বান জনাইছে অভিনেত্ৰী নিশিতা গোস্বামীয়ে । লগতে ঘৰত সোমাই থকাটোৱে এই ৰোগ প্ৰতিহত কৰাৰ একমাত্ৰ উপায় বুলি জনাই সকলোকে ঘৰত থাকিবলৈ আহ্বান জনাইছে নিশিতা গোস্বামীয়ে।
লগতে পঢ়কঃলক ডাউন সন্দৰ্ভত কি ক'লে গায়ত্ৰী মহন্তই ? এই সময়চোৱাত কি কৰিছে দীপলিনাই ডেকাই ?