চিটাৰা ডেস্ক, 17 ডিচেম্বৰঃ এখন ছবিয়ে সমাজৰ পৰা এলাগী কৰা এগৰাকী অসম জীয়ৰী ৷ সমাজৰ কৌটিকলীয়া নিয়মে এটা যান্ত্ৰণাময় জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল তেখেতক ৷ সেইগৰাকী অসম জীয়ৰীয়েই হ'ল অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ অভিনেত্ৰী আইদেউ সন্দিকৈ ৷ 1915 চনৰ 27 জুনত গোলাঘাট জিলাৰ পানী দিহিঙীয়া গাঁৱত জন্ম গ্ৰহণ হৈছিল আইদেউ সন্দিকৈৰ ৷ পিতৃৰ নাম আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল মা-লক্ষ্মী ৷ সেই সময়ত কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল আইদেউ সন্দিকৈয়ে ৷
জয়মতীত অভিনয় কৰিবলৈ কেনেকৈ আহিল :
1933 চনত আৰম্ভ হৈছিল জয়মতীৰ দৃশ্য গ্ৰহণৰ কাম ৷ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত অস্থায়ীকৈ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল জ্যোতিচিত্ৰবন ৷ শব্দযন্ত্ৰী, কেমেৰা সকলোৰে যোগাৰ হোৱাৰ পাচতো কিন্তু স্থৱিৰ হৈ ৰৈছিল দৃশ্য গ্ৰহণৰ কাম ৷ কিয়নো জয়মতীৰ বাবে বিচাৰি পোৱা নাছিল উপযুক্ত যুৱতী অভিনেত্ৰী ৷ অৱশেষত জ্যোতিপ্ৰসাদ আগৰৱালাই সম্ভেদ পাইছিল আইদেউৰ ৷ সেই সংক্ৰান্ততে জ্যোতি প্ৰসাদ আগৰৱালাই যোগাযোগ কৰিছিল আইদেউ সন্দিকৈৰ সম্পৰ্কীয় এজন ককায়েকৰ সৈতে ৷ 1934 চনত জাহাজ দেখুৱাবলৈ নিয়াৰ চলেৰে ককায়েকে আইদেউ সন্দিকৈক লৈ আহিছিল ভোলাগুৰিলৈ ৷ তাৰ পাচতেই আৰম্ভ হয় অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ দৃশ্যগ্ৰহণ ৷ 1934 চনৰে আগষ্ট মাহত দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ হয় আৰু আইদেউ সন্দিকৈকে ধৰি সকলো কলা-কুশলী উলটি আহে নিজ নিজ ঘৰলৈ ৷ সম্পাদনাৰ অন্তত 1935 চনত মুক্তি লাভ কৰে জয়মতীয়ে ৷
অভিনয় কৰি ঘূৰি অহাৰ পাচত কি হ'ল :
অভিনয় সমাপন কৰি যেতিয়া আইদেউ সন্দিকৈ উলটি আহে ঘৰলৈ, তেতিয়া কিন্তু এৰি যোৱা ঘৰখনৰ অৱস্থাটো পোৱা নাছিল তেওঁ ৷ গাঁৱত ইতিমধ্যে বো-বো বা-বা চলিছিল যে, পৰপুৰুষক বঙহৰদেউ বুলিছে অবিবাহিতা আইদেউৱে ৷ জয়মতী ছবিত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ অৰ্থাৎ স্বামী বুলি সম্বোধন কৰিছিল জয়মতীৰূপী আইদেউৱে ৷ সেইসময়ত বিয়া নোহোৱাকৈ আন পুৰুষক বঙহৰদেউ বুলি সম্বোধন কৰা, ঘৰৰ পৰা আঁতৰি গৈ একেলগে বিভিন্ন মানুহৰ লগত থকা, বোলছবিত অভিনয় কৰা আদি নাৰীৰ বাবে অপৰাধ হিচাপে সমাজে গণ্য কৰিছিল ৷ যাৰ ফলত সমাজে এঘৰীয়া কৰিছিল আইদেউ সন্দিকৈৰ পৰিয়ালক ৷ ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগিও নিস্তাৰ পোৱা নাছিল আইদেউৰ পৰিয়ালে ৷ উপায়ন্তৰ হৈ সমাজৰ পৰা আঁতৰি নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰি আইদেউক বৰ্জন কৰিলে নিজ পৰিয়ালে ৷ আছুতীয়াকৈ এটা পঁজাঘৰ সাজি দিয়া হ'ল তেওঁক থাকিবলৈ ৷ পৃথক মানে সম্পূৰ্ণ পৃথক, যিটো কোৱা হয় জুইয়ে পানীয়ে নিষেধ কৰা ৷ আইদেউৰ খবৰ ল'বলৈও কোনো অহা নাছিল, আনকি তেওঁ পানীখোৱা পুখুৰীৰ পৰা কোনেও পানীও সংগ্ৰহ নকৰিছিল ৷ কোনো আগবাঢ়ি নাহিল আইদেউৰ পাণি গ্ৰহণ কৰিবলৈ ৷ সমাজে এলাগী কৰা আইদেউৰ সন্দিকৈৰ কোনো খবৰ নলৈছিল জ্যোতিপ্ৰসাদ আগৰৱালাইও ৷ আনকি আইদেউৱে চাবলৈ নাপালে নিজৰ অভিনীত সম্পূৰ্ণ ছবিখন ৷ 1985 চনত অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়তহে আইদেউৱে দেখিবলৈ পায় জয়মতীৰ কেইটা মান দৃশ্য ৷
জীৱনৰ বিয়লি বেলাত :
অসম চৰকাৰে আইদেউ সন্দিকৈক মাহে 1000 টকাকৈ এটা পেঞ্চন প্ৰদান কৰিছিল ৷ পৰৱৰ্তী সময়ত সেই ধনৰ পৰিমাণ 1500 টকা কৰা হয় ৷ জীৱনৰ শেষ বয়সত আইদেউ সন্দিকৈক সামৰি লৈছিল ভতিজাকহঁতে ৷ এখন হুইল চেয়াৰত বহিয়েই শেষ বয়স পাৰ কৰিছিল এইগৰাকী শিল্পীয়ে ৷ জয়মতীত অভিনয় আইদেউ সন্দিকৈৰ বাবে খ্যাতি আছিল যদিও, সেই খ্যাতিয়ে তেওঁক দিলে এটা দুৰ্বিসহ জীৱন ৷ জীৱনৰ তিক্ততাপূৰ্ণ স্মৃতিকে সাৱটি 2002 চনৰ 17 ডিচেম্বৰত গোলাঘাটৰ কমাৰগাঁৱত মৃত্যুক সাৱটি লয় আইদেউ সন্দিকৈয়ে ৷ মৃত্যু তিথিত জীৱনৰ সৰ্বস্ব ত্যাগ কৰা এই গৰাকী অসম জীয়ৰীলৈ শতকোটি শ্ৰদ্ধা ৷
লগতে চাওকঃ হায়দৰাবাদত মহাভাৰতঃ কৰ্ণ-দুৰ্যোধনৰ মিত্ৰতা