ETV Bharat / sitara

ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী - মাজুলীৰ ৰাস পূৰ্ণিমা

ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ 56 টা ৰংঘৰ আৰু 12 খন সত্ৰ

ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী
author img

By

Published : Oct 31, 2019, 11:35 PM IST

মাজুলী,31 অক্টোবৰঃ ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু ৰংঘৰ । বৃন্দাবন গীতৰ তালে তালে কৰিছে নৃত্যৰ আখৰা । শিশু কৃষ্ণৰ জন্ম লীলাৰ লগতে পূৰ্ণ পৰ্যায়ত চলি আছে সম্পূৰ্ণ মহাৰাসৰ আখৰা । সাজু কৰি তোলা হৈছে নতুন চামগুৰি সত্ৰৰ মুখা শিল্প ৷ ৰাসৰ মঞ্চত চমক দিবলৈ প্ৰস্তুতি চলাই আছে নতুন চামগুৰি সত্ৰই ।

ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী

বাৰিষা বানে জুৰুলা কৰা পাছত এই শৰৎ কালৰ সময়খিনিত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ মূল উৎসৱভাগ পালনৰ বাবে সকলো উঠি পৰি লাগিছে ৰাইজ । বান - গৰাখহনীয়াই জুৰুলা কৰা শালমৰাৰ উজনি চুপহা কৃষ্টি কেন্দ্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাই এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । গাঁৱৰ সকলোৱো অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে । শালমৰা উজনি চুপহাৰ মুকলি ৰাসত মাজুলীৰ বিধায়ক তথা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জনাইছে ৰাস উদযাপন সমিতিয়ে ।

Intro:GFX: ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ 56 টা ৰংঘৰ আৰু 12 খন সত্ৰ।

GFX: পূৰ্ণ উদমেৰে চলিছে কংস বধৰ আখৰা ।

GFX: অক, বক ,কেশী, পুতনা ,কংস ,বধিবলৈ সাজু মাজুলীৰ শিশু।

GFX: শৰৎ ৰূপালী জোনাকত কৃষ্ণৰ প্ৰেমত গডগড হব মাজুলীৰ ষোড়শী।

GFX: বান বাৰিষা দুখ- দুৰ্ভাবনা পাহৰি এতিয়া সকলো ব্যস্ত হব শাৰদীয় ৰাস উৎসৱ ।

GFX: গকুল-মথুৰা বৃন্দাবনলৈ পৰ্যবেশিত হৈছে মাজুলী।

GFX: বাঁহীৰ মধুৰ গুঞ্জনেৰে মূখৰিত মাজুলীৰ আকাশ-বতাহ।

Into: শাৰদীয় ৰাস উৎসৱৰ মূৰ্চনাত বিলিন সত্ৰপীঠ মাজুলী । খোল-তাল বাঁহীৰ সুৰ ৰাস গীতৰ মধুৰ ধ্বনীৰে মূখৰিত মাজুলী। মাজুলীত এতিয়া উৎসৱৰ বতৰ আগমন ঘটিছে বহু দেশী বিদেশী পৰ্যটকৰ। মাজুলীত পালন কৰা উৎসৱ সমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈ এই ৰাস মহোৎসৱ ।এই শৰৎ জোনাক স্নিগ্ধ জোনাক নিশা। পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালীৰ গোন্ধ । শৰত মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ ,শুভ্ৰ কহুৱাৰ মিছিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকা ভাকু ।এই শৰতৰ চকুত চকু থৈ প্ৰেম আৰু বিশ্বাসত মজবুত কৰো আমাৰ সোনালী ভবিষ্যত । শৰত যেন প্ৰেমৰ ঋতু সম্ভাৱনাৰ ভৰুন সময় । জীৱনৰ বান বাৰিষাৰ দুখ দুৰ্ভাবনাবোৰ মেঘৰ বোকোচাত পৰ্বতৰ সিপাৰলৈ নিৰ্বাসন দিয়ে ।মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ উদুলি মুদুলি । বান বাৰিষাৰ দুৰ্যোগ দুৰ্ভাবনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । মাজুলীৰ অৰ্ন্তভাগত লহপহীয়া হোৱা সেউজীয়া গৰ্ভাৱতী পথাৰে সজাল কুৱলীৰ ওৰনিটানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কহুৱাৰ ফুলৰ নাচোনত বাগময় হৈছে মাজুলীৰ সৌন্দৰ্য।শুশোভিত মায়াময় পৰিবেশ । সুষমা ৰূপে অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি দেশী বিদেশী ।
ৰাস উদযাপন ৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু ৰংঘৰ । বৃন্দাবন গীত নৃত্য ৰ আখৰা । শিশু কৃষ্ণৰ জন্ম লীলা লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰা পূৰ্ণ পৰ্যায় চলি আছে।
সাজু কৰি তোলা হৈছে নতুন চামগুৰি সত্ৰ মুখা। অঘাসুৰ বকাসুৰ পুটনা মঞ্চত চমক দিবলৈ প্ৰস্তুতি চলাই আছে নতুন চামগুৰি সত্ৰই।

Bite: প্ৰসন্ন গোস্বামী ( মূখা শিল্পী )

VO : বাৰিষা বানে জুৰুলা কৰা পাছত এই শৰৎ কালৰ সময় খিনিত তেতিয়াৰ দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ প্ৰধান উৎসৱ পালন বাবে সকলো উঠি পৰি লাগে । প্ৰতি বছৰ বান - গড়া খহনীয়া ই জুৰুলা কৰা শালমৰাৰ উজনি চুপহা কৃষ্টি কেন্দ্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলাৰ এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ।গাঁৱৰ সকলো অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে । শালমৰা উজনি চুপহাৰ মুকলি ৰাসত মাজুলীৰ বিধায়ক তথা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জনাইছে ৰাস উদযাপন সমিতিয়ে।
বাইট : কাকুমণি কলিতা (সম্পাদক উজনি চুপহা কৃষ্টি কেন্দ্ৰ)Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.