ETV Bharat / sitara

বব ডিলানৰ বিৰুদ্ধে কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ

author img

By

Published : Aug 17, 2021, 5:35 PM IST

কিংবদন্তী সংগীত শিল্পী বব ডিলানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই । মহিলাগৰাকীৰ অভিযোগ মতে, ১৯৬৫ চনত মহিলাগৰাকীক বব ডিলানে যৌন নিৰ্যাতন চলাইছিল । সেই সময়ত মহিলাগৰাকীৰ বয়স আছিল ১২ বছৰ ।

Bob Dylan sued for allegedly sexually abusing minor
বব ডিলানৰ বিৰুদ্ধে কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ

চিটাৰা ডেস্ক, ১৭ ডেস্ক: কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে কিংবদন্তী সংগীত শিল্পী বব ডিলানৰ বিৰুদ্ধে । শিল্পীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এগৰাকী মহিলাই । মহিলাগৰাকীৰ অভিযোগ মতে, ১৯৬৫ চনত মহিলাগৰাকীক কণ্ঠশিল্পী বব ডিলানে যৌন নিৰ্যাতন চলাইছিল । সেই সময়ত মহিলাগৰাকীৰ বয়স আছিল ১২ বছৰ ।

অভিযোগকাৰী মহিলাগৰাকীৰ মতে নিউয়ৰ্কৰ হোটেল চেলছিতত এই ঘটনা সংঘটিত হৈছিল । তেওঁৰ অভিযোগ অনুসৰি, বব ডিলানে তেওঁক ড্ৰাগছ সেৱন কৰিবলৈ আৰু সুৰাপান কৰিবলৈ বাধ্য কৰাইছিল আৰু মহিলাগৰাকীৰ সৈতে কৌশলেৰে এক আৱেগিক সম্পৰ্ক গঢ়ি তুলিছিল । মহিলাগৰাকীয়ে যাতে বব ডিলানত অসৎ কাৰ্যত বাধা আৰোপ নকৰে তাৰ বাবে আৱেগিক সম্পৰ্ক গঢ়ি তোলা বুলি অভিযোগ তুলিছে মহিলাগৰাকীয়ে । তেওঁৰ অভিযোগ মতে, বব ডিলানে কেইবা সপ্তাহো ধৰি তেওঁৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন ।

১৯৬৫ চনৰ এপ্ৰিল মাহৰ পৰা মে' মাহলৈ ছয় সপ্তাহৰ সময়ছোৱাত তেওঁ কেইবাবাৰো নিৰ্যাতনৰ বলি হৈছিল বুলি অভিযোগ তুলিছে । সেই সময়ত ডিলানে প্ৰহাৰৰ ভাবুকি দি ১২ বছৰীয়া কিশোৰীগৰাকীৰ ওপৰত নিৰ্যাতন চলাইছিল বুলি মহিলাগৰাকীয়ে অভিযোগ তুলিছে ।

আনকি, এই ঘটনাই এতিয়ালৈকে তেওঁক মানসিকভাৱে কষ্ট দি আছে বুলি তেওঁ মন্তব্য কৰিছে । ভেৰাইটিয়ে জনোৱা তথ্য অনুসৰি, মহিলাগৰাকীয়ে নিউয়ৰ্কৰ শিশু ভুক্তভোগী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল । উল্লেখ্য যে, শনিবাৰে এনে ধৰণৰ গোচৰ ৰুজু কৰাৰ সময়সীমা হ্ৰাস কৰা হৈছিল । সেয়েহে ইয়াৰ এদিন পূৰ্বেই শুকুৰবাৰে নিশা ডিলানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল ।

লাইক এ ৰোলিং ষ্টোনৰ কণ্ঠশিল্পীগৰাকীৰ মুখপাত্ৰই এক বিবৃতিযোগে কয় যে, এই অভিযোগ মিছা আৰু এনে অভিযোগৰ বিৰোধিতা কৰা হ'ব । আনহাতে, একে ধৰণৰ গোচৰ শেহতীয়াকৈ কৌতুক অভিনেতা হোৰাচিঅ' চানজ আৰু নিকি মিনাজ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে ।

লগতে পঢ়ক:মালদ্বীপৰ পৰা ‘Most Gorgeous Island Girl’ মৌনী ৰয়...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.