ETV Bharat / sitara

পুনৰ সলনি হ’ল অক্ষয় কুমাৰ অভিনীত Bell Bottomৰ মুক্তিৰ দিন

author img

By

Published : Jul 30, 2021, 4:55 PM IST

19 আগষ্টত ছবিগৃহত মুক্তিলাভ কৰিব অক্ষয় কুমাৰ অভিনীত বহু চৰ্চিত ছবি বেল বটম (Bell Bottom) ৷ এই কথা অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে ঘোষণা কৰিছে ৷

Akshay Kumar Declassifies Bell Bottom's New "Mission": "To Entertain On The Big Screen"
পুনৰ সলনি হ’ল অক্ষয় কুমাৰ অভিনীত Bell Bottomৰ মুক্তিৰ দিন

চিটাৰা ডেস্ক, 30 জুলাই : পুনৰ সলনি হ’ল অক্ষয় কুমাৰ অভিনীত ছবি ‘বেল বটম’ (Bell Bottom)ৰ মুক্তিৰ দিন ৷ 19 আগষ্টত ছবিখনৰ নতুন মুক্তিৰ দিন ঘোষণা কৰিছে নিৰ্মাতাই ৷ ইয়াৰ পূৰ্বে দুবাৰকৈ সলনি কৰা হৈছিল ছবিখনৰ মুক্তিৰ তাৰিখ ৷ প্ৰথমতে 2 এপ্ৰিল আৰু তাৰ পাচত 27 জুলাইত ছবিখনে মুক্তিলাভ কৰিব বুলি ঘোষণা কৰা হৈছিল ৷

ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰি অভিনেতা অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত লিখে "মিছন: ডাঙৰ পৰ্দাত আপোনালোকক মনোঞ্জৰণ প্ৰদান কৰাৰ, 2021ৰ 19 আগষ্ট, বেল বটমৰ আগমনৰ দিন ঘোষণা কৰিলো" (Mission: To Entertain you on the BIG SCREEN.Date: August 19, 2021. Announcing the arrival of Bell Bottom) ৷ ইয়াৰ পূৰ্বে চলিত বৰ্ষতে ছবিখনে ডিজিটেল প্লেটফৰ্মত মুক্তিলাভ কৰিব বুলি বাতৰি প্ৰচাৰ হৈছিল ৷ পৰৱৰ্তী সময়ত এই বাতৰি নাকচ কৰে ছবিখনৰ নিৰ্মাতাই ৷

ৰঞ্জিত এম তিৱাৰীৰ দ্বাৰা পৰিচালিত স্পাই থ্ৰিলাৰ ছবি ‘বেল বটম’ (Bell Bottom)ৰ প্ৰযোজনা কৰিছে বাশু ভাগনানী, জেকি ভাগনানি, দীপশিখা দেশমুখ, মনিশা আদৱানী, মধু ভোজৱানী আৰু নিখিল আদৱানীয়ে ।

ছবিখনত অভিনয় কৰিছে বাণী কাপুৰ, হুমা কুৰেছি(Huma Qureshi) আৰু লাৰা দত্ত ভূপতি(Lara Dutta Bhupathi)য়ে । ক'ভিড বিধি মানি মহামাৰীৰ সময়ত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰা প্ৰথমখন হিন্দী ছবি হিচাপে "Bell Bottom" ছবিখনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক- কৰ’ণা মহামাৰীৰ সময়ত শ্বুটি সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ‘‘বেল ব’ট’ম’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.