ETV Bharat / sitara

"মুকলি হ'ব বন্ধ হৈ থকা বিশ্বনাথৰ ছবি গৃহ"- জুবিন - বিষ্ণুপ্ৰসাদ ৰাভা

বিশ্বনাথৰ বন্ধ হৈ থকা ছবি গৃহটো অহা ৬ ছেপ্টেম্বৰত "কাঞ্চনজঙ্ঘা" ছবিখনৰ জৰিয়তে পুনৰ মুকলি কৰিব জুবিন গাৰ্গে । শনিবাৰে কাঞ্চনজঙ্ঘা ছবিখনৰ প্ৰচাৰ চলাবলৈ আহি জুবিনে ক'লে- "তেজপুৰ মোৰ আটাইতকৈ প্রিয় ঠাই ।প্রিয় ঠাই খনৰ পটভূমিত নিৰ্মাণ হৈছে কাঞ্চনজঙ্ঘা।"

"মুকলি হ'ব বন্ধ হৈ থকা বিশ্বনাথৰ ছবি গৃহ"- জুবিন
author img

By

Published : Sep 1, 2019, 3:36 AM IST

তেজপুৰ,৩১আগষ্ট: "বিশ্বনাথত বন্ধ হৈ থকা ছবি গৃহটো অহা ৬ ছেপ্টেম্বৰত "কাঞ্চনজঙ্ঘা" ছবিখনৰ জৰিয়তে পুনৰ মুকলি হ'ব ।"- শনিবাৰে কাঞ্চনজঙ্ঘা ছবিখনৰ প্ৰচাৰ চলাবলৈ গৈ তেজপুৰত এই ঘোষণা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনৰ ৷ লগতে তেজপুৰৰ বিষয়ে উল্লেখ কৰি জুবিনে ক'লে - "তেজপুৰ মোৰ আটাইতকৈ প্ৰিয় ঠাই । প্ৰিয় ঠাইখনৰ পটভূমিত নিৰ্মাণ হৈছে কাঞ্চনজঙ্ঘা ।"

আনহাতে ব্ৰাহ্মণ সমাজৰ সৈতে ছবিখনৰ এটা দৃশ্যক লৈ জুবিনৰ যি মত-পাৰ্থক্য হৈছিল সেয়া এতিয়া নাই বুলি উল্লেখ কৰে জুবিনে ৷ আনহাতে সাংবাদিকে এন আৰ চি সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে তেওঁ ৰাজনৈতিক নেতা নহয় বুলি মন্তব্য কৰি অসমৰ ৰাইজৰ লগত সদায় থকাৰ কথা উল্লেখ কৰে ।

"মুকলি হ'ব বন্ধ হৈ থকা বিশ্বনাথৰ ছবি গৃহ"- জুবিন

ইপিনে বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে বক্সিঙৰ ওপৰত এখন ছবি নিৰ্মাণৰ পৰিকল্পনাৰ কথাও কলে জুবিনে । শনিবাৰে তেজপুৰ মহাবিদ্যালয়, দৰং মহাবিদ্যালয় আৰু কলেজিয়েট হাইস্কুল খেল পথাৰত জুবিনে প্ৰচাৰ চলাই ।

Intro:তেজপুৰ,৩১আগষ্ট: শোণিতপুৰ জিলাৰ বিশ্বনাথৰ বন্ধ হৈ থকা ছবি গৃহটি অহা ৬ ছেপ্টেম্বৰত "কাঞ্চনজঙ্ঘা", ছবি খনৰ জৰিয়তে পুনৰ মুকলি কৰিব জুবিন গাৰ্গয়ে । আজি কাঞ্চনজঙ্ঘা ছবিখনৰ প্ৰচাৰ চলাবলৈ আহি জুবিনে ক'লে তেজপুৰ মোৰ আটাইতকৈ প্রিয় ঠাই ।প্রিয় ঠাই খনৰ পটভূমিত নিৰ্মাণ হৈছে কাঞ্চনজঙ্ঘা।

Body:ৰাজ্য চৰকাৰে শেহতীয়াকৈ ছবিগৃহ পুনৰ নিৰ্মান আৰু নিৰ্মান ব্যৱস্থা কৰাত জুবিনে ধন্যবাদ জনালে চৰকাৰক ।আৰু ধন্যবাদ জনালে তেজপুৰ বাসীক ।ছবিখনৰ সুটিং ৰ সময়ত দিনে নিশাই জুবিনক সহায় কৰাৰ বাবে ধন্যবাদ জনালে আজি জুবিনে ।
ইফালে ব্ৰাহ্মণ সমাজৰ সৈতে ছবিখনৰ এটা দৃশ্যক লৈ জুবিনৰ যি মাত পাৰ্থক্য হৈছিল সেয়া এতিয়া নাই বুলি উল্লেখ কৰি জুবিনে এন আৰ চি সম্পৰ্কে কয় মই ৰাজনৈতিক নেতা নহয় ।মই অসমৰ ৰাইজৰ লগত আছো ।অসমৰ কাৰণে মই মৰিবও পাৰো ।
Bite: জুবিন গাৰ্গ ।

Conclusion:ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে বক্সিঙ ওপৰত এখন ছবি নিৰ্মাণ ৰ পৰিকল্পনাৰ কথাও কলে জুবিনে ।আজি তেজপুৰ মহাবিদ্যালয়, দৰং মহাবিদ্যালয় আৰু কলেজিয়েট হাইস্কুল খেল পথাৰত জুবিনে প্ৰচাৰ চলাই কলে,"মোৰ কোনো জাতি নাই মোৰ কোনো ধর্ম নাই মই মুক্ত কাঞ্চনজঙ্ঘা ",।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৩১/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.